হোজাইঃ হোজাই জিলাৰ হোজাই চহৰৰ মাজমজিয়াত যোৱা ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় অষ্টম চাব জুনিয়ৰ লৰাৰ হকী প্ৰতিযোগিতাৰ দেওঁবাৰে নিশা সফল সামৰণি পৰে৷ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাত ঘৰুৱা দল অসমে চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰে৷ দেওবাৰে নিশা অনুষ্ঠিত চূড়ান্ত খেলখনত অসম দল আৰু ৰাজস্থান দলে অংশ লয়৷

অসম হকী দলৰ খেলুৱৈই সকলে সুন্দৰ প্ৰদৰ্শনেৰে ৰাজস্থান দলক ৩-২ গলত পৰাজিত কৰে৷ খেলৰ প্ৰথমাৱস্থাত ৰাজস্থান দলে অসম দলক দুটা গল দিবলৈ সক্ষম হৈছিল যদিওঁ দ্বিতীয় অৰ্ধত ঘৰুৱা দল অসমে দুটা গল দি ক্ষমতা স্থাপন কৰে৷ খেলখন সমাপ্ত হ’বলৈ মাত্ৰ কেইমিনিটমান বাকী থকা অৱস্থাত অসম হকী দলে এটা গ’ল দি ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰে৷

তৃতীয় স্থানৰ বাবে অনুষ্ঠিত খেলত হিম দলে হিমাচল হকীক পৰাজিত কৰি তৃতীয় স্থান দখল কৰে৷ চূড়ান্ত খেলত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৰষ্কাৰ প্ৰদান কৰে৷ পুৰস্কাৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে খেলৰ ক্ষেত্ৰত খনত হোজাইৰ পৰাই অসমে নতুন সপোন ৰচনা কৰিলে বুলি কয়৷ হোজাই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ লগতে সুকলমে অনুষ্ঠিত হৈ যোৱাত অসম হকী ফেডাৰছন, হোজাই ক্ৰীড়া সন্থা তথা হোজাইৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে৷

হোজাইত খেলৰ অনুৰাগী আৰু প্ৰতিভাৱান খেলুৱৈ থকাৰ কথা উল্লেখ কৰি অসমীয়া জাতিক যিদৰে বিভিন্ন ক্ষেত্ৰলৈ আগুৱাই নিবলৈ অসম চৰকাৰে সংকল্প গ্ৰহণ কৰিছে তেনেদৰে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰত যাতে সৰ্ব প্ৰকাৰৰ উন্নয়ণ হয় তাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহন কৰিব বুলি কয় সোণোৱালে৷ অলিম্পিক, কমনৱেলথ, এছিয়ান গেইমছত পদক অৰ্জন কৰা খেলুৱৈসকলৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নহৈছিল যদিও বৰ্তমানৰ চৰকাৰখনে এওলোকক আইপিএচৰ দৰে গুৰুত্বপূৰ্ন পদত নিযুক্তি দিয়াৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰি খেলুৱৈসকলক উৎসাহিত কৰাৰ প্ৰয়াস কৰিব বুলি কয়৷

স্বৰ্ণ পদক লাভ কৰা খেলুৱৈক ১ কোটি টকা, চিলভাৰ পদক লাভ কৰা খেলুৱৈক ৫০ লাখ টকা আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈক চৰকাৰখনে ২৫ লাখ টকা নগদ ধন প্ৰদান কৰি উৎসাহিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা বুলি ভাষণত উল্লেখ কৰি সোণোৱালে খেলুৱৈসকলক কৰ্মসংস্থাপন দিয়াৰ বাবে চৰকাৰ সংকল্প লোৱা বুলিও কয়৷ অসমক পৃথিৱীৰ বুকুত খেলৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ পোষকতা কৰি গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে গঢ় দিব বুলি তেওঁৰ ভাষণত উল্লেখ কৰে৷ সভাত ভাৰতীয় হকী ফেডাৰছনৰ বিষয়-ববীয়া, অসম হকী সন্থাৰ বিষয়-ববীয়া, ৰাষ্ট্ৰীয় হকী সন্থাৰ বিষয়-ববীয়া তথা হোজাই হকী টুৰ্ণামেন্টৰ সম্পাদক তপন দাস, হোজাই ক্ৰীড়া সন্থাৰ সভাপতি তথা হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, হোজাইৰ উপায়ুক্ত আৰু হোজাইৰ আৰক্ষী অধীক্ষক উপস্থিত থাকে৷