গুৱাহাটীঃ নাৰী সৰবৰাহৰ, নাৰীদেহৰ অবৈধ ব্যৱসায়ক লৈ উদ্বিগ্ন হৈ পৰিছে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ। উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যতে নাৰী সৰবৰাহৰ চক্ৰক মষিমুৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগকে ধৰি বিভিন্ন স্থানীয় স্বেচ্ছাসেৱী দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অহাৰ পিছত মঙলবাৰে ৰাজ্য চৰকাৰে এই বিষয়ত গুৰুত্বপুৰ্ণ নিৰ্দেশ দিছে বিভিন্ন বিভাগক।

নাৰী সৰবৰাহ ৰোধ কৰাৰ বাবে অতি শীঘ্ৰে ৰাজ্যত মহিলা আৰক্ষী বেটেলিয়নৰ দল স্থাপন কৰা হ’ব বুলি মঙলবাৰে এখন জনতা ভৱনৰ সভাকক্ষত বৈঠকযোগে ঘোষণা কৰে। মানৱ সৰবৰাহৰ তথ্যসমুহ বিশ্লেষণ কৰিবলৈ এক বিশেষ ন’ডেল সংস্থাও স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে সোণোৱালে৷ ৰাজ্যৰ গৃহ বিভাগে ন’ডেল এজেন্সী হিচাপে দায়িত্ব গ্ৰহণ কৰিব বুলিও সোণোৱালে কয়। 

উল্লেখ্য যে নেশ্যনেল ক্ৰাইম বিউৰ’ ৰেকৰ্ডচে ২০১৬ বৰ্ষত প্ৰকাশ কৰা মতে দেশৰ নাৰী সৰবৰাহজনিত ৪০ শতাংশ অপৰাধৰ ঘটনা অসম আৰু পশ্চিম বংগত সংঘটিত হয়। পলমকৈ হ’লেও নাৰী সৰবৰাহৰ এই স্পৰ্শকাতৰ বিষয়টোত পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

নাৰীৰ সন্মান-মৰ্যাদা হানিকৰ এই অপৰাধ প্ৰতিৰোধ কৰাৰ বাবে কেন্দ্ৰই দৰিদ্ৰতা, গোষ্ঠীসংঘৰ্ষ, আৰ্থিক-সামাজিক অৱস্থা আদিৰ দৰে সমস্যাসমূহ গুৰিতে সমাধান কৰাৰ ক্ষেত্ৰত জোৰ দি আহিছে যদিও অসমৰ ক্ষেত্ৰত সুকীয় পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচিত হৈ আহিছিল৷

বৈঠকত নাৰীদেহ সৰবৰাহৰ সমস্যা সঠিকভাৱে প্ৰতিৰোধৰ বাবে তৃণমূল পৰ্যায়ত কাম কৰিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গাঁও পঞ্চায়তৰপৰা আৰম্ভ কৰি জিলা প্ৰশাসনৰ পৰ্যায়লৈকে এক সুদৃঢ় নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হ’ব বুলি কয় সোণোৱালে।