শ্বিলংঃ দেশৰ উত্তৰ-পূৱৰ অংশটো বিশ্ব ঐতিহ্যৰে ভৰপূৰ৷ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী উত্তৰ-পূৰ্বাঞ্চল সমগ্ৰ এছিয়া মহাদেশতে চৰ্চিত৷ ৮ খন ৰাজ্যত পৰ্যটকক আকৰ্ষণ কৰিব পৰা কৈ বিভিন্ন সমল আছে৷ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰাত বিভিন্ন সমল থকাৰ বাবেই বিভিন্ন সময়ত বিদেশী পৰ্যটকৰে ভৰি পৰে৷ 

পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ থকা ভাৰতবৰ্ষৰ এই ঠাইসমূহ বিশ্ববাসীৰ নজৰত থাকে সদায়৷ পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে জাতিগত আৰু সাংস্কৃতিক মিল থকাৰ লগতে বিশ্বৰ অন্যতম নদীদ্বীপ মাজুলী, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা, ঐতিহাসিক বৌদ্ধ মূৰ্তি, সৰ্বাধিক বৰষুণ হোৱা ঠাই মৌচিনৰাম আদিৰ দৰে নানা ঠাই আছে উত্তৰ পূৱত৷ 

শেহতীয়াকৈ বিশ্ব ৰেকৰ্ডৰে উত্তৰ-পূবে বিশ্বৰ ঐতিহ্যত সংযোজন কৰিলে আন এক সমল৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে সুকীয়া নাম থকা এই এলেকাত নতুনকৈ উদ্ধাৰ হৈছে বিশ্বৰ সবাতোকৈ দীৰ্ঘ বালিয়া শিলৰ গুহা৷ তাৰ লগে লগে বিশ্ব ঐতিহ্যৰ তালিকাত উত্তৰ পূৰ্বাঞ্চলত সংযোগ হ’ল আন এটি ঐতিহ্য৷ উত্তৰ পূৰ্বাঞ্চলৰ মেঘৰ আলয় খ্যাত মেঘালয়ত আৱিস্কাৰ হৈছে বিশ্বৰ দীৰ্ঘতম বালিয়া শিলৰ গুহাটো৷ পাহাৰীয়া ৰাজ্য মেঘালয়ত উদ্ধাৰ হোৱা মৌচিনৰাম-মাউলংবনাৰ ক্ৰেম পুৰি নামৰ গুহাটো বিশ্বৰ দীৰ্ঘতম বালিয়া শিলৰ গুহা হিচাপে স্বীকৃতি লাভ কৰিছে। 

২৪ কিলোমিটাৰ দৈৰ্ঘৰ এই গুহাটো ২০১৬ চনত আংশিকভাৱে আৱিষ্কাৰ হৈছিল। ইয়াৰ পিছতে ৫ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত মেঘালয় দুঃসাহসিক ক্ৰীড়া সন্থাৰ উদ্যোগত চলোৱা জৰীপত ইয়াৰ সঠিক দৈৰ্ঘ্য নিৰ্ণয় কৰা হয়। ৬ কোটি বছৰ আগৰ ডায়ন’ছৰৰ জীৱাশ্ম থকা বুলি প্ৰকাশ গুহাটোত৷

মঙলবাৰে ক্ৰীড়া সন্থাটোৰ প্ৰতিষ্ঠাপক সদস্য ব্ৰায়ান থাৰপানে এই কথা সদৰী কৰি কয় যে ক্ৰেম পুৰী নামৰ এই বালিয়া শিলৰ গুহাটোৰ এবছৰ পূৰ্বে ১২,৩৬৮ মিটাৰলৈ আৱিষ্কাৰ হৈছিল। এই বছৰ ২৫ দিনীয়া অভিযানৰ অন্তত ২৪,৫৮৩ মিটাৰলৈ ইয়াৰ দৈৰ্ঘ্য বৃদ্ধি আৱিস্কাৰ কৰা হয়। এনেদৰে এই গুহাটোৱে ৬০০০ মিটাৰ অধিক দৈৰ্ঘ্যৰে ভেনিজুৱেলাত থকা বিশ্বৰ দীৰ্ঘতম বালিয়া শিলৰ গুহা কুৱেভা ডেল ছামানৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। 

গুহাটোত আৱিস্কাৰ হৈছে ৬৬ ৰপৰা ৭৬ মিলিয়ন বছৰ আগৰ ডায়ন’ছৰৰ জীৱাশ্ম। এই দীৰ্ঘতম গুহাটোৰ পৰা উদ্ধাৰ হোৱা ডায়ন’ছৰ হৈছে মছাচাৰাছ বুলি গুহাবিদসকলে অনুমান কৰিছে। তাতে পোৱা জীৱাশ্ম জলজ সৰীসৃপটো ৭০ মিলিয়ন বছৰ আগতে পৃথিৱীত বাস কৰিছিল।  

উল্লেখ্য যে, খাছীয়া ভাষাত ক্ৰেম শব্দৰ অৰ্থ হ'ল গুহা। সেয়েহে নতুনকৈ আৱিষ্কৃত গুহাটোৰ নাম ক্ৰেম পুৰী দিয়া হৈছে। গুহাটো মৌচিনৰামৰ লইটছহুমৰ পৰা আৰম্ভ হৈ ২৪ কিলোমিটাৰ অকোৱা-পকোৱাকৈ উচ্চ-নিম্ন বিভিন্ন এলেকাৰ মাজেৰে গৈ মাউলংবনাত শেষ হৈছে। গুহাটো আৱিষ্কাৰৰ সময়ত ব্ৰিটেইন, আয়াৰলেণ্ড, অষ্ট্ৰিয়া, ৰোমানিয়া, ছুইজাৰলেণ্ড, পোলেণ্ড, নেডাৰলেণ্ডছ আদি বিভিন্ন দেশৰ অভিযানকাৰীয়েও অংশগ্ৰহণ কৰিছিল।