গুলীয়া-গুলীত কপিছে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চল

ডিজিটেল ডেস্কঃ পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চল৷সীমাবিবাদে বাৰে বাৰে অসম আৰক্ষীক সমস্যাত পেলাই থকাৰ মাজতে এক ভয়ংকৰ ঘটনাৰ ৰূপ লবলৈ আগবাঢ়িছে অসম-মিজোৰাম সীমা বিবাদে৷পূৰ্বৰে পৰা চলি থকা এই বিবাদে ভয়াৱহ ৰূপ লয় যেতিয়া মিজোৰামৰ কিছু লোকে মিজোৰামৰ সীমা পাৰ হৈ কাচাৰ জিলাত প্ৰৱেশ কৰিছিল৷এই লোকসকলক খেদি পঠিয়াবলৈ অসম আৰক্ষীৰ এটি দল সীমান্ত অঞ্চলত উপস্থিত হৈছিল উপায়ুক্তৰ নেতৃত্বত৷হঠাৎ মিজোৰামৰ পৰা অহা এটি প্ৰায় ১০০ জনীয়া দুষ্কৃতিকাৰীৰ দলে হাতে হাতে লাঠি,জোং লৈ উপস্থিত হয় আৰু আক্ৰমণ চলায়৷লণ্ড-ভণ্ড কৰে অসম আৰক্ষীৰ বাহন৷উপায়ুক্তৰ গাড়ীলৈ গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে৷এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা কৰে উপায়ুক্তই৷৷মিজো দুষ্কৃতিকাৰীৰ গুলিচানাত অসম আৰক্ষীৰ কেবাগৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে৷ ঘটনাৰ প্ৰসংগত অসমৰ মূখ্যমন্ত্ৰীয় ড° হিমন্ত বিশ্ব শৰ্মাই মিজোৰামৰ মূখ্যমন্ত্ৰী জোৰামঠাংগা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক টুইট কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ড° শৰ্মাই মিজোৰামৰ মূখ্যমন্ত্ৰীৰ লগত টেলিফোনযোগে কথা পতা বুলিওঁ প্ৰকাশ কৰে৷ আনহাতে অসম আৰক্ষীয়েওঁ প্ৰতু্ত্তৰ দিবলৈ সাজু হৈছে৷ইয়াৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাই দেখা দিছে৷