photo by NNO Diphu
photo by NNO Diphu

ডিফুঃ শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক সংবাদ মেলযোগে অসমৰ সকলো বিদ্যালয়ত দশম শ্ৰেণীলৈক অসমীয়া বিষয় বাধ্যতামূলক কৰিবলৈ লোৱা সিদ্বান্তৰ বিৰুদ্ধে গৰজি উঠিছে কাৰ্বি পাহাৰৰ বিৰোধী ৰাজনৈতিক দল এইছ এছ ডি চিয়ে।

এই সন্দৰ্ভত এইছ এছ ডিচিয়ে আজি বিয়লি নিজ কাৰ্য্যালয় প্ৰাংগণত এখন সংবাদ মেলৰ আয়োজন কৰে। উক্ত সংবাদ মেলত দলটোৱে স্পষ্ট কৰি দিয়ে যে কোনো কাৰণতে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত অসম চৰকাৰে অসমীয়া ভাষা জোৰকৈ জাপি দিব নোৱাৰিব।

পাহাৰীয়া জিলা দুখনে স্বকীয় ভাষা-সংস্কৃতি আৰু পৰম্পৰাৰে চহকী হৈ পৃথক ৰাজ্যৰ দাবীত আন্দোলন চলাই যোৱাৰ সময়তে মন্ত্ৰীগৰাকীৰ অসমীয়া বিষয় বাধ্যতামূলক কৰা উক্ত তালিবানী সিদ্বান্ত দুই পাহাৰীয়া জনজাতি কাৰ্বি আৰু ডিমাচাই কোনোপধ্যে মানি নলয় বুলি সংবাদ মেলত স্পষ্ট কৰি দিয়ে দলটোৱে। 

১৯৬০ চনত তদানীন্তন ৰাজ্য চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসকলৰ ওপৰত অসমীয়া ভাষা জাপি দিয়াৰ ফলত মেঘালয় আৰু মিজোৰামৰ দৰে ৰাজ্যই জন্ম লাভ কৰা ঘটনাৰ স্মৃতি  কাৰ্বি-ডিমাছাৰ মনত সজীৱ হৈ আছে বুলিও সংবাদ মেলত উল্লেখ কৰে দলটোৰ শীৰ্ষ নেতৃত্বই৷

হিমন্ত বিশ্ব শৰ্মাৰ এনে সিদ্বান্ত দুয়োটা জনজাতিৰ আত্ম সন্মানৰ পৰিপন্থী আৰু কাৰ্বি -ডিমাচা বিৰোধী বুলি মন্তব্য কৰে দলটোৰ শীৰ্ষ নেতৃত্বই৷ এই সন্দৰ্ভত বিজেপি শাসিত কাৰ্বি স্বায়ত্ত পৰিষদখনৰ মৌনতাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে এইছ এছ ডি চিয়ে৷