ফাইল ফটো
ফাইল ফটো

গুৱাহাটীঃ অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা শিক্ষা বিভাগটোৱে লৈছে এই ঐতিহাসিক সিদ্ধান্ত। এই অনুযায়ী এতিয়াৰেপৰা সকলো বিদ্যালয়তে বাধ্যতামূলক হ’ব অসমীয়া ভাষা। 

এই নিয়ম কেৱল অসমীয়া বিদ্যালয়তেই নহয়, কেন্দ্ৰীয় বিদ্যালয় আৰু চিবিএছইৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰীজনে। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। 

শেহতীয়াকৈ দুটাককৈ বেছি সন্তান থকা লোকে চৰকাৰী চাকৰি নাপাব বুলি ঘোষণা কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দৃষ্টি আকৰ্ষণ কৰাৰ পিছতে এইবাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত নজৰ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

দশম শ্ৰেণীলৈকে অসমীয়া বিদ্যালয়ত অসমীয়া বাধ্যতামূলক কৰিলেও জনগোষ্ঠী অধ্যুষিত এলেকাৰ ক্ষেত্ৰত বিকল্প হিচাপে বড়ো ভাষা আৰু বৰাক উপত্যকাত বাংলা ভাষা বাছনি কৰিব পৰা যাব বুলি জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে। এই অধিসূচনা শীঘ্ৰেই জাৰি কৰা হ’ব বুলি ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। 

উল্লেখ্য যে, দিনদিয়েক পূৰ্বে সংস্কৃত ভাষা বাধ্যতামূলক কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। এনে বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ অন্তত আজি শিক্ষা মন্ত্ৰীগৰাকীয়ে কৰা এই ঘোষণাক অধিকাংশই আদৰণি জনোৱাৰ লগতে শীঘ্ৰে উক্ত সিদ্ধান্তক বাস্তৱ ৰূপ দিবলৈকে আহ্বান জনাইছে।