নপতা পৰীক্ষাৰ ফলাফল ঘোষণা হব ৩০ আৰু ৩১ জুলাইত

ৱেবছাইটযোগে লাভ কৰিব ফলাফল

গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা ৩০ আৰু ৩১ জুলাইত ঘোষণা কৰা হব৷৩০ জুলাইৰ ৰাতিপুৱা ৯ বজাত ৱেবছাইটযোগে লাভ কৰিব পাৰিব ফলাফল৷১৪ টা ৱেবছাইট যোগে লাভ কৰিব ফলাফল৷এইবাৰ পূৰ্বৰ দৰে স্থান প্ৰাপ্তিৰ ব্যৱস্থা নাথাকিব৷বিদ্যালয়বোৰৰ মূল্যায়ন সমিতিয়ে প্ৰদান কৰা নম্বৰসমূহ জিলা ভিত্তিত অসম চৰকাৰে গঠন কৰা নিৰিক্ষণ সমিতিয়ে তদাৰক কৰাৰ পিছতহে ফলাফল ঘোষণাৰ বাবে সাজু হৈছে চেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদ৷ৱেবছাইটত উত্তীৰ্ণ ছাত্ৰছাত্ৰীসকলে ফলাফল লাভ কৰিব পিডিএফ মাধ্যমত৷৩০ জুলাইৰ ১১ বজাৰ পৰা নম্বৰ তালিকা ডাউনলোড কৰিব পাৰিব৷

এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ মুঠ পৰিক্ষাৰ্থীৰ সংখ্যা হ’ল ৪৩৮৮২৮ জন৷চেবাৰ অধীনস্থ মুঠ বিদ্যালয়ৰ সংখ্যা ৭৩০১ খন৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লাভৰ বাবে ৱেবছাইটবোৰ হ’ল
https://sebaonline.org
www.sebaresults.in
resultassam.nic.in
www.results.shiksha
www.assam.shiksha
www.assamonline.in
www.indiaresults.com
exametc.com
www.schools9.com
assamjobalerts.com
assamresults.in
https://iresults.net
necareer.com
www.jagaranjosh.com

গুগল প্লে ষ্টোৰৰ পৰা SEBA Results 2021 এপ ডাউনলোড কৰিওঁ ফলাফল লাভ কৰিব পাৰিব৷

আনহাতে ৩১ জুলাইৰ ৯ বজাৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰিব এইকেইটা ৱেবছাইটৰ জৰিয়তে
www.assamrrsult.in
www.necareer.com
www.ahsec.assam.govt.in
www.assamjobsalerts.com
www.schools9.com
www.results.shiksha
www.indiaResults.com
www.vidyavision.com

এইবাৰ উচ্চতৰ মাধ্যমিকৰ মুঠ পৰিক্ষাৰ্থী হ’ল ২৪৯৮১২ জন৷