newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ অধ্যক্ষ নীতিশ কুমাৰে দেওবাৰে দিল্লীত দলৰ ৰাষ্ট্ৰীয় কাৰ্যকাৰিণী বৈঠকত অংশ ল’ব৷ তেওঁ আগন্তক বিধানসভা আৰু লোকসভা নিৰ্বাচন সহ আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত জেডিইউৰ স্থিতি স্পষ্ট কৰিব বুলি চৰ্চা চলিছে৷

বিজেপিৰ সৈতে আসন ভাগ বতোৱাৰা কৰাৰ লৈ মতভেদ সৃষ্টি হোৱাৰ সময়তে নীতিশ কুমাৰ আৰু তেওঁৰ দল জেডিএউৰ এই বৈঠকখন গুৰুত্বপূৰ্ণ হ’ব বুলি অনুমান কৰা হৈছে৷ জেডিইউৰ সূত্ৰই জনোৱা মতে, নীতিশ কুমাৰক দলৰ হিতৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু এনডিএ মিত্ৰজোটত বাহাল ৰাখিবলৈ পূৰ্বেই এক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে৷

ইফালে জেডিইউৱে লালু প্ৰসাদ যাদৱৰ আৰজেডি আৰু কংগ্ৰেছৰ লগত পুনৰ মিত্ৰতা স্থাপন কৰাৰ কথা চিন্তা কৰিব পাৰে বুলিও চৰ্চা চলা পৰিলক্ষিত হৈছে৷ যদিও জেডিইউৰ নেতাই এই মিত্ৰতাৰ বাতৰি খাৰিজ কৰিছে তথাপি বিজেপিৰ সৈতে মন নিমিলিলে জেডিইউৱে কংগ্ৰেছ-আৰজেডিৰ লগত মিত্ৰতা স্থাপন কৰাৰ সম্ভাৱনা আছে৷

আনহাতে, ইণ্ডিয়া টুডে’ৰ বাতৰি মতে নীতিশ কুমাৰ আজিকালি বিজেপিৰ ‘ডাঙৰ ককাই’ ধৰণৰ আচৰণৰ পৰা ক্ষুব্ধ হৈ পৰিছে আৰু শেহতীয়াকৈ তেওঁ আৰজেডি অধ্যক্ষ লালু প্ৰসাদ যাদৱক ফোন কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাটোৱে নীতিশ কুমাৰৰ আগন্তক ৰাজনৈতিক সিদ্ধান্তৰো ইংগিত দিছে বুলি আলোচনা চলিছে৷ আগন্তক ৰাজনৈতিক ৰণত জেডিএউৱে কাৰ সৈতে থিয় দিব সেয়া দেওবাৰৰ বৈঠকৰ পিছত স্পষ্ট হৈ পৰিব বুলি অনুমান কৰা হৈছে৷