newsnextone.com | ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি এইমছত ভৰ্তি হৈ থকা প্রাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্য অৱনতি ঘটিছে।  বিগত তিনি দিন ধৰি তেওঁক ভেন্টিলেটেৰত ৰখা হৈছিল।

লক্ষণীয় যে, বুধবাৰে এইমছৰ নিৰ্দেশকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লবলৈ এইমছত উপস্থিত হয়। জানিব পৰা মতে, বুধবাৰে পুৱাৰ পৰাই অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱস্থা সংকজনক ।

এইমছৰ  বিশেষজ্ঞ চিকিৎসকৰ দল এটাই বাজপেয়ীৰ স্বাস্থ্যৰ অহৰ্নিশে পৰ্যবেক্ষণ কৰি আছে।  এইমছৰ নিৰ্দেশক ডাঃ ৰণদীপ গুলেৰিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুধবাৰে সাক্ষাৎ কৰিবলৈ যায় আৰু মোদীক অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ সম্বন্ধীয় তথ্যৰ বিষয়ে অৱগত কৰায়।