নলবাৰীঃ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নলবাৰী শাখাই গ্ৰাহকক জাল নোট দিয়া বুলি অভিযোগ উত্থাপন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গ্ৰাহকৰ সাচতীয়া ধন বেংকত সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে নলবাৰীৰ এছবিআইৰ জিলা মুখ্য শাখা কাৰ্যালয়ত জালনোট দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷

নলবাৰী জিলাৰ বাহঁজানীৰ বলোৱা কুমাৰীকাটাৰ তথা অসম শক্তি বিতৰণ বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী মনোৰাম দাসে নলবাৰী চহৰলৈ টকা উলিয়াব আহে৷ নলবাৰী চহৰৰ এছবিআইৰ জিলা মুখ্য শাখা কাৰ্যালয় সংলগ্ন এটিএমৰ পৰা নগদ ৪০,০০০ হাজাৰ টকা উলিয়াই৷ টকাখিনিৰ ভিতৰতে দুই হাজাৰ টকীয়া জাল নোট ওলাই বুলি অভিযোগ উত্থাপন কৰে দাসে৷

এই কথা বেংকটোৰ বিষয়াক অৱগত কৰাত উভতি ধৰি ভাবুকি প্ৰদান কৰি ইয়াৰ সৈতে বেংক জড়িত নহয় বুলি জনায় দাসক৷ ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাত সাংবাদিক তথা গ্ৰাহকগৰাকীক ভিতৰত প্ৰৱেশৰ বাধা আৰোপ কৰি নিৰাপত্তাৰক্ষীয়ে ব্যক্তিজনক বেয়া ব্যৱহাৰ কৰে বুলি জানিব পৰা গৈছে৷ অৱশেষত সংবাদ মাধ্যমৰ সহযোগত পুনৰ মুখ্য বিষয়া জিএমৰ ওচৰত গ্ৰাহক দাসে অভিযোগ দাখিল কৰিবলৈ সক্ষম হয়৷ বেংকৰ দোষ ঢাকিবলৈ একে সুৰতে সুৰ মিলালে বিষয়াগৰাকীয়েও৷ আনহাতে সংবাদ মাধ্যমৰ লোককো বাকৰি সংগ্ৰহত বাধা প্ৰদান কৰে বেংক কৰ্তৃপক্ষই৷