ডিজিটেল ডেস্কঃ চুৰি কৰাৰ সন্দেহত এগৰাকী আদিবাসী যুৱকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে৷ বৰ্বৰ ভাৱে কেইগৰাকীমান লোকে আক্ৰমণ কৰাৰ সময়ত চেল্ফি তুলি সেই ফটো ছচিয়েল মিডিয়াড আপলোড কৰে অভিযুক্তসকলে৷

এই অমানবীয় বৰ্বৰ ঘটনা সংঘটিত হৈছে কেৰালাত৷ চেল্ফি মেনিয়াত আক্ৰান্ত হৈ পৰা একাংশ লোকে স্থান কাল প্ৰত্যক্ষ নকৰি চেল্ফি তোলাত ব্যস্ত হৈ পৰে৷

পিতৃ-মাতৃৰ মৃত্যুৰ সময়ত দ্ৰুত গতিৰ চলি থকা ট্ৰেইন সমীপত চেল্ফি তুলিবলৈ কুন্ঠাবোধ নকৰে৷ এইবাৰ চেল্ফি তুলি ৰেকৰ্ড গঢ়িলে কেৰালাৰ আট্টাপাদিৰ একাংশ লোকে৷ আদিবাসী জনগোষ্ঠীৰ কাদুকামান্না সম্প্ৰদায়ৰ ২৭ বছৰীয়া যুৱক এজনক বৃহস্পতিবাৰে চুৰি কৰাৰ সন্দেহত হত্যা কৰে কেইগৰাকীমান লোকে৷ প্ৰথমে বৰ্বৰ ভাৱে মাৰ-ধৰ কৰে যুৱকজনক৷

মাৰ-ধৰ কৰি থকাৰ সময়ত চেল্ফি উঠি হাঁহি ধেমালি কৰে লোকসকলে৷ তাৰ পিছতে যুৱকজনক মূমূৰ্ষ অৱস্থাত আৰক্ষীক গতাই দিয়ে মাৰধৰ কৰা লোকসকলে৷ আৰক্ষীৰ গাড়ীত মধু নামৰ যুৱকজন অচেতন হৈ পৰে৷ আৰক্ষীয়ে চিকিৎসালয়ত নিয়ে যদিও যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে৷ মধুক মাৰ ধৰ কৰাৰ সময়ৰ চেল্ফি ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷

এই ঘটনা পোহৰলৈ অহাৰ পিছতেই উত্তেজিত হৈ পৰে আদিবাসী জনসাধৰণ৷ দোষীক আটক নকৰা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ ভাবুকি প্ৰদান কৰে লোকসকলে৷ জানিব পৰা মতে, জংঘলৰ মাজৰ পৰা মধুক কেইজনমান লোকে মুকলি ঠাইলৈ লৈ আহে৷

খুব মাৰধৰ কৰে লোক কেইজনে৷ অসুস্থ অৱস্থাত আৰক্ষীৰ গতাই দিয়ে যদিও তেওৰ মৃত্যু হোৱা বুলি কয় আৰক্ষীয়ে৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত হে সকলো অৱগত হম বুলি কয় আৰক্ষীয়ে৷ মানসিক ভাৱে দুৰ্বল মধুই দিনৰ দিনটো জংঘলত থাকে যদিও নিশা ওলাই আহি দোকান চুৰি কৰে বুলি অভিযোগ উত্থাপন হয়৷