হোজাইঃ হোজাই জিলাৰ লামডিঙত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন হৈ অহা ৰে’ল নগৰী লামডিংত এটাৰ পিছত এটা ঘটনা সংঘটিত হোৱাৰ সময়তে ৰাইজৰ সহযোগত আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ী চক্ৰক উৎসাত কৰে৷

জানিব পৰা মতে, লামডিং ৰেলৱে ষ্টেছনৰ বিশ্ৰাম কক্ষত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত বাতৰি সংগ্ৰহ কৰিব যোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে সংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে কেমেৰা ভাঙি পেলোৱাৰ চেষ্টা কৰে৷ লামডিং অ’ফিচাৰ্চ ক’লনিৰ পি-২০০এ ৰেলৱে আৱাস গৃহত আৰক্ষীয়ে ৩জন যুৱকৰ সৈতে এগৰাকী অৰুণাচলৰ যুৱতীক আটক কৰিবলৈ সক্ষম হোৱাৰ সময়তে সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হয়৷

দীৰ্ঘদিন ধৰি লামডিং ৰেলৱে ষ্টেছনৰ বিশ্ৰামলয়ত এনে কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হয়৷ লামডিঙত নিৰাপত্তাৰক্ষী থকাৰ পিছতো আৱাস গৃহত মানুহ সোমাল কেনেকৈ তাক লৈ প্ৰশ্ন উত্থাপন হয়৷ আৰক্ষীয়ে আটক কৰা যুৱতীগৰাকীৰ নামতেই ৰেলৱে ষ্টেছনৰ বিশ্ৰামলয়ৰ কোঠা বুক হৈ আছিল যদিও পুৰুষ কেনেকৈ সোমাল তাক লৈ প্ৰশ্ন উত্থাপন হয়৷ বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক নিৰাপত্তাৰক্ষীয়ে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে সাংবাদিকৰ কেমেৰা ভাঙিবলৈ চেষ্টা চলায়৷

আৰ পি এফ ভাৰপ্ৰাপ্ত বিষয়াই মহিলা সাংবাদিক পল্লৱী কলিতাৰ লগতে বাপ্পী মালাকাৰ, বিন্টু ৰঞ্জন কেওঁট আৰু ধীৰাজ দেক শাৰিৰীকভাৱে আক্ৰমণ কৰাৰ লগতে কেমেৰা ভঙাৰ চেষ্টা কৰে৷ ৰে'ল আৰক্ষীৰ হাতত অপদস্থ হোৱা সাংবাদিক কেইগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰে৷ এই ঘটনাক লৈ তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হয় হোজাইত৷

ঘটনা সন্দৰ্ভত সদৌ অসম সাংবাদিক সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তীব্ৰ গৰিহণা দিয়ে৷ সদৌ অসম সাংবাদিক সন্থাৰ হোজাই জিলা সমিতিৰ সভাপতি সূব্ৰত সৰকাৰ আৰু সম্পাদক প্ৰনৱ শৰ্মাৰ নেতৃত্বত সাংবাদিকৰ দল এটাই হোজাইৰ উপায়ুক্তৰ লগতে জিলা আৰক্ষীৰ অধীক্ষক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ দোষী আৰক্ষী জোৱান কেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ যমুনামুখ প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক মহানন্দ বৰদলৈ, সাংবাদিক শ্বহিদুল আলমে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী আৰক্ষী জোৱানক উচিত শাস্তি দিয়াৰ দাবী জনায়৷