গুৱাহাটীঃ ৰাজ্যখনৰ বিভিন্ন দিশত একগ্ৰতাৰে কাম কৰি অহা তথা সমাজ, জাতিৰ বাবে বিভিন্ন দিশত অৰিহণা যোগোৱা কেইবাগৰাকী বিশিষ্ট লোকক বঁটা প্ৰদান কৰিব অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে৷ অহা ২৯ জানুৱাৰীত গুৱাহাটী মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত ৰাজ্যৰ অন্যতম সামাজিক, সাংস্কৃতিক, ক্ৰীড়াৰ হৈ কাম কৰি অহা স্বেচ্ছাসেৱী অনুষ্ঠান অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে ২০১৭ বৰ্ষত বিভিন্ন ক্ষেত্ৰত কাম কৰা লোকসকলক বঁটা প্ৰদান কৰিব৷

বঁটা প্ৰাপ্ত সকলৰ নাম ইতিমধ্যে ঘোষণা কৰিছে অনুষ্ঠানটোৱে৷ এইবেলি জীৱন জোৰা সাধনাৰ বঁটা প্ৰদান কৰিব সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰদীপ বৰুৱাক, শিক্ষাৰ ক্ষেত্ৰত বিশিষ্ট বুদ্ধিজীৱী ড০ দীনেশ বৈশ্যক, চিকিৎসাৰ  ক্ষেত্ৰত ডা০ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাক, সংস্কৃতিৰ ক্ষেত্ৰত দ্বীপেন বৰুৱাক, ক্ৰীড়াৰ ক্ষেত্ৰত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰদান কৰিব অনুষ্ঠানটোৱে৷

আনহাতে অনুষ্ঠানটোৱে বৰ্ষশ্ৰেষ্ঠ বঁটা জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, শ্ৰেষ্ঠ ক্ৰীড়া সংগঠক ৰিতুৰাজ ভাগৱতী, শ্ৰেষ্ঠ ক্ৰীড়াবিদ ৰিয়ান পৰাগ দাস, শ্ৰেষ্ঠ শিক্ষানুষ্ঠান অসম জাতীয় বিদ্যালয়, শ্ৰেষ্ঠ নাট্য সংগঠন কামৰূপ নাট্য সমিতিক প্ৰদান কৰিব৷ ক্ৰীড়াবিদ প্ৰেমা দৰ্জী, নাট্যকৰ্মী ভৱেন ৰায়, ভাস্কৰ্য শিল্পী ৰাজ আহমেদ, সংগীত শিল্পী পাৰ্থজ্যোতি বৰগোহাঁইক জুৰীৰ বিশেষ বঁটা প্ৰদান কৰিব৷

বিশেষ বঁটাৰ বাবে শ্ৰীকৃষ্ণৰ গকুল বৃন্দাবন লীলা গ্ৰন্থখনো নিৰ্বাচিত হয়৷ ভ্ৰাম্যমাণ শিতানত শ্ৰেষ্ঠ নাট্য দলৰ বঁটা লাভ কৰিছে আৱাহৰ থিয়েটাৰে৷ শ্ৰেষ্ঠ নাট্যকাৰ ৰঞ্জিত দাস, শ্ৰেষ্ঠ অভিনেতা মৃদুল ভূঞা আৰু শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ৷ লৌহপুৰুষ প্ৰেমদাকান্ত শৰ্মাৰ ১০৩ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত হ’বলগীয়া বৰ্ণাঢ্য অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰিব৷ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অহা ২৯ জানুৱাৰীৰ বিয়লি ৫ বজাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান৷