ইম্ফলঃ ২০১৫ চনত ছেপ্টেম্বৰত নয়ডাৰ ৮০ বছৰীয়াৰ বৃদ্ধ মহম্মদ একবালক ঘৰত গো-মাংস ৰখাৰ অভিযোগত একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনে মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনা নিশ্চয় মনত আছে! 

এই দুৰ্ভাগ্যজনক ঘটনাৰ পাছতে দেশৰ বিদ্বৎ সমাজ জাঙুৰ খাই উঠিছিল৷ শতাধিক বিশিষ্ট ব্যক্তিয়ে তেওঁলোকক চৰকাৰে দিয়া সাহিত্য অকাডেমী, পদ্ম সন্মান ওভতাই দিছিল৷ তেওঁলোকৰ ক্ষোভ আছিল যে ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত গো-মাংস ঘৰত ৰখাৰ অভিযোগত এজন বৃদ্ধক মৰিয়াই-মৰিয়াই হত্যা কৰা পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াৰ বিপক্ষে এটা শব্দও উচ্চাৰণ কৰা নাই৷ 

এই এৱাৰ্ড ৱাপচি আন্দোলনে দেশক জোকাৰি গৈছিল৷ কেন্দ্ৰৰ সংবিধান বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ যেন এৱাৰ্ড ৱাপচি আৰম্ভ হ’বলৈ গৈ আছে৷

উত্তৰ-পূৰ্বাঞ্চলৰ স্বকীয় জনগাঁথনিত নেতিবাচক প্ৰভাৱ পেলাব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে তীব্ৰ বিৰোধিতা অব্যাহত আছে৷ 

এনে সময়তে মণিপুৰৰ বিশিষ্ট ছবি নিৰ্মাতা অৰিবাম শ্যাম শৰ্মাই দেওবাৰে ঘোষণা কৰে ২০০৬ চনত কেন্দ্ৰীয় চৰকাৰে তেওঁক প্ৰদান কৰা পদ্মশ্ৰী সন্মান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ওভতাই দিব৷ ৮২ বছৰ বয়সীয়া শ্যাম শৰ্মাই ইম্ফলত এই কথা ঘোষণা কৰিছে৷ 

মন কৰিবলগীয়া যে, অসমতো ইতিমধ্যে এৱাৰ্ড ৱাপচি বৃহৎ হাৰত আৰম্ভ হৈছে৷ ঐতিহাসিক অসম আন্দোলনত ছহিদ বৰণ কৰা ৮৫৫ গৰাকী ছহিদৰ পৰিয়ালে তেওঁলোকক সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰদান কৰা বঁটাসমূহ ইতিমধ্যে উভতাই দিয়াৰ কথা ঘোষণা কৰিছে৷ ইয়াৰে ১২৫ টা পৰিয়ালে গুৱাহাটীৰ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে ইতিমধ্যে বঁটাসমূহ উভতাই দিছে৷