newsnextone.com| ডিফুঃ গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ উদ্যোগত আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ জিলাখনত বৃদ্ধি পাই অহা শিশু শ্ৰমিক আৰু মানৱ সৰবৰাহৰ ভয়াবহতাৰ কথা চিন্তা কৰি ডিফু চহৰৰ প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ উপস্থিতিত অনুষ্ঠিত সভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে৷ সভাত উপস্থিত জিলা চাইল্ড লাইনৰ জিলা সমন্বয়ক বুলি তেৰাঙ চিডব্লিউ চিৰ ইনষ্টিটিউনেল কেয়াৰৰ জিলা সুৰক্ষা বিষয়া বনজিত শৰ্মাই চাইল্ড লাইনৰ বিশেষত্ব আৰু কৰ্মপন্থাৰ বিষয়ে বহল ভাৱে উপস্থিত ৰাইজৰ আগত বাখ্যা কৰে৷ 

সমন্বয়ক বুলু তেৰাঙে ১৪ বছৰৰ তলৰ শিশুৰ শ্ৰমৰ আইনী অপৰাধ আৰু ১৪ বছৰৰ পৰা ১৮ বছৰলৈ থকা শিশু সকলকো গধুৰ কাম কৰিবলৈ দিয়াটোও আইনৰ দৃষ্টিত অপৰাধ বুলি কোৱাৰ লগতে তেনে শিশুক কেৱল লঘু কামেৰে অনুশীলন কৰাব পাৰে বুলি যুক্তি প্ৰদৰ্শন কৰে৷ শিশু শ্ৰমৰ লগতে বাল্যবিবাহ, মানৱ সৰবৰাহ আদিৰ ওপৰতো তেৰাঙে আলোকপাত কৰা দেখা যায়৷ এই ক্ষেত্ৰত চাইল্ড লাইনৰ ১০৯৮ নম্বৰত ফোন কৰিও ৰাইজে নিজৰ অভিযোগ পঞ্জীয়ণ কৰিব পাৰে বুলি কয় তেৰাঙে৷ আনহাতে অভিযোগকাৰাৰী নাম কৰ্তৃপক্ষই গোপন ৰাখিব বুলিও জানিবলৈ দিয়ে৷ 

কাৰবি আংলংজিলাৰ কেতবোৰ ঠাইতো অভিভাৱকৰ ইচ্ছা আৰু বিভিন্ন সামাজিক অনগ্ৰসৰতাৰ বাবে পৰোক্ষভাবে এতিয়াও শিশু শ্ৰম, বাল্যবিবাহ আৰু মানৱ সৰবৰাহৰ দৰে ভয়াবহ কাম সংঘটিত হৈ আছে যদিও সকলোৱে নীৰৱ দৰ্শক হিচাপে লক্ষ্য কৰি আহিছে৷ মানৱ সৰবৰাহ কিদৰে কৰা হয় আৰু সৰবৰাহকাৰী সকলে এই কাৰ্য কৰিবলৈ নিজৰ জীৱন শৈলী উন্নত মানদণ্ডৰ কৰি লয় বুলিও কয়, এইবোৰ প্ৰতিৰোধ কৰিবলৈ ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে বিষয়া গৰাকীয়ে৷ 

আনহাতে চাইল্ড লাইনৰ আশ্ৰয়ত থকা শিশুৰ বাবে ৰাইজৰ পুৰণা কাপোৰ, ছেণ্ডেল, আৰু খাদ্য বস্তু শিশু সকলক দিবলৈ আহ্বান জনাইছে সমন্বয়ক তেৰাঙে৷ আজিৰ সজাগতা সভা়ত ক্ৰমে জিলা সমন্বয়ক বুলু তেৰাঙ, চাইল্ড লাইনৰ জিলা সুৰক্ষা বিষয়া বনজিত শৰ্মা, ডিফু নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতি, গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতি বিৰেণ ৰংপি, চাৰ ইম টকবী, লীগেল চেলৰ কিৰি টিচ', কেএছৱাইচিৰ সভাপতি বিপুল টিচ', উপসভাপতি সঞ্জয় তিমুঙ আৰু কেএছ ইউৰ সাধাৰণ সম্পাদক ৰিচাৰ্ড ইংতি উপস্থিত থাকে ৷