'আজিৰে পৰা আমাৰ ৰামলালা (শিশু ৰাম)ই টেণ্টত থাকিব নালাগে।’ সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত নিজৰ অনুভৱ প্ৰকাশ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ লগতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আৰএছএছৰ মুৰব্বী মোহন ভাগৱত আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ভাষণ প্ৰদান কৰে। 

অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ মুখ্য পূজা সোমবাৰে দুপৰীয়া ১২ বাজি ২৯ মিনিটত আৰম্ভ হয়। ইয়াৰ পিছত নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, 'সিয়াবৰ ৰামচন্দ্ৰ কী জয়।’ (সীতাৰ স্বামী ৰামচন্দ্ৰৰ জয়)

'আজি আমাৰ ৰাম আহি গ’ল’

নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে আৰু কয়, 'আজি আমাৰ ৰাম আহি গ’ল। শতিকাযোৰা অপেক্ষাৰ অন্তত আমাৰ ৰাম আহিছে। শতিকাযোৰা অভূতপূৰ্ব ধৈৰ্য, অসংখ্য বলিদান, ত্যাগ আৰু তপস্যাৰ পিছত আমাৰ প্ৰভু ৰাম আজি আহি গ’ল। এই শুভ ক্ষণত আপোনালোক সকলোকে, সমগ্ৰ দেশবাসীক বহুত বহুত অভিনন্দন।’’

''মই কেই মুহূৰ্তমান পূৰ্বে গৰ্ভগৃহত ঈশ্বৰীয় চেতনাৰ সাক্ষী হৈ আপোনাসবৰ সমুখত উপস্থিত হৈছো। কিমান যে কি ক’বলগীয়া আছে। পিছে কণ্ঠ আজি অৱৰুদ্ধ হৈ পৰিছে। মোৰ শৰীৰ এতিয়াও স্পন্দিত হৈ আছে। মন-প্ৰাণ এতিয়াও সেই ক্ষণত বিলীন হৈ আছে।’’- প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ''আমাৰ ৰামলালা আজিৰে পৰা টেণ্টত থাকিব নালাগে। আজিৰে পৰা দিব্য মন্দিৰত থাকিব। মোৰ দৃঢ় বিশ্বাস যে আজি যি হ’ল তাৰ অনুভৱে দেশ তথা বিশ্বৰ চুকে-কোণে থকা প্ৰতিগৰাকী ৰামভক্তক চুই যাব। এই ক্ষণ অলৌকিক।’’

ইয়াৰ লগতে মোদীয়ে আৰু কয়, 'মই আজি প্ৰভু ৰামৰ ওচৰত ক্ষমাভিক্ষা বিচাৰিছো। আমাৰ পুৰুষাৰ্থ, ত্যাগ, তপস্যাত হয়তো কিছু ক্ৰুটি ৰৈ গৈছিল যাৰ বাবে আমি বহু শতিকা ধৰি এই কাম সম্পন্ন কৰিব পৰা নাছিলো। আজি সেই কাম হৈ উঠিল। মোৰ পূৰ্ণ বিশ্বাস আছে যে প্ৰভু শ্ৰীৰামে আজি আমাক নিশ্চয়কৈ ক্ষমা কৰিব।’

এই সন্দৰ্ভত জড়িত আইনী সংগ্ৰামৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ন্যায়পালিকাকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, 'ভাৰতৰ সংবিধানত, সংবিধানৰ প্ৰথম পৃষ্ঠাতে ৰাম বিৰাজমান। সংবিধান প্ৰণয়ন হোৱাৰ পিছতো বহু দশক ধৰি প্ৰভু শ্ৰীৰামৰ অস্তিত্বক লৈ আইনী যুদ্ধ চলিল। এই ছেগতে মই ভাৰতৰ ন্যায়পালিকাকো ধন্যবাদ জ্ঞাপন কৰিছো, যিয়ে ন্যায়ৰ মৰ্যাদা অক্ষুন্ন ৰাখিছে।’

প্ৰধানমন্ত্ৰী মোদীয়ে ৰামেই ভাৰতৰ বিচাৰ আৰু প্ৰৱাহ বুলিও ভাষণত উল্লেখ কৰে। তেওঁ কয়, 'ৰাম ভাৰতৰ আস্থা, ৰাম ভাৰতৰ আধাৰ। ৰাম ভাৰতৰ বিচাৰ, ৰাম ভাৰতৰ বিধান, ৰাম ভাৰতৰ চেতনা, ৰাম ভাৰতৰ চিন্তা, ৰাম ভাৰতৰ প্ৰতিষ্ঠা, ৰাম ভাৰতৰ প্ৰতাপ, ৰাম প্ৰভাৱ, ৰাম প্ৰবাহ, ৰাম ৰীতিও হয়, ৰাম নীতিও হয়। ৰাম নিত্যতা হয়, ৰাম নিৰন্তৰতাও হয়, ৰাম ব্যাপক, ৰাম বিশ্ব, ৰামেই বিশ্বাত্মা। সেয়ে যেতিয়া ৰামৰ প্ৰতিষ্ঠা হয় তেতিয়া ইয়াৰ প্ৰভাৱ শতিকা পৰ্যন্ত নহয়, ইয়াৰ প্ৰভাৱ হাজাৰ বছৰলৈকে বিয়পি যায়।’ 

ৰাম মন্দিৰক 'ৰাষ্ট্ৰ মন্দিৰ' আখ্যা যোগী আদিত্যনাথৰ

প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পন্ন হোৱাৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ ভাষণত ৰাম মন্দিৰক ৰাষ্ট্ৰ মন্দিৰ আখ্যা দিয়ে। 'শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ স্থাপনা ভাৰতৰ সাংস্কৃতিক পুনৰজাগৰণৰ আধ্যত্মিক অনুষ্ঠান। এয়া হৈছে ৰাষ্ট্ৰ মন্দিৰ। নিসন্দেহে শ্ৰী ৰামলালাৰ বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা ৰাষ্ট্ৰীয় গৌৰৱৰ এক ঐতিহাসিক সুযোগ বুলিব পাৰি।’- যোগী আদিত্যনাথে কয়।

মুখ্যমন্ত্ৰী আদিত্যনাথে কয়, '৫০০ বছৰীয়া দীঘলীয়া প্ৰতীক্ষাৰ অন্তত মনৰ ভাৱ ব্যক্ত কৰিবলৈ ওলাই শব্দৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। নিশ্চিতভাৱে আজি সকলোৱে এই অনুভৱেই কৰিছে। আজি এই ঐতিহাসিক ক্ষণত ভাৰতৰ প্ৰতিটো পথেই ৰাম জন্মভূমিৰ দিশে অগ্ৰসৰ হৈছে।’

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, 'প্ৰভু ৰামৰ কৃপাত নিশ্চিত থাকক। এতিয়াৰে পৰা অযোধ্যাৰ পৰিক্ৰমাত কোনেও বাধা হ’ব নোৱাৰে। অযোধ্যাৰ গলিত এতিয়াৰে পৰা গুলীৰ শব্দ শুনা নাযাব, কাৰ্ফিউ জাৰি কৰিবলগীয়া নহ’ব। এতিয়াৰে পৰা ইয়াত দীপোৎসৱ, ৰামোৎসৱ হ’ব আৰু ৰাম সংকীৰ্তনৰে ইয়াৰ প্ৰতিটো পথ-উপপথ মুখৰিত হৈ পৰিব কিয়নো অৱধপুৰীত ৰামলালাৰ বিৰাজমান ৰামৰাজ্য স্থাপনৰ এক উদ্বোধনীও বুলিব পাৰি।’

আদিত্যনাথে কয়, 'শিৰাই শিৰাই ৰাম প্ৰবাহিত হৈ আছে। সমগ্ৰ দেশ আজি ৰামময় হৈ পৰিছে। এনে লাগিছে যেন আমি ক্ৰেতাযুগতহে ভৰি থৈছো। আজি প্ৰতিজন ৰামভক্ত সুখী। ভাৰতে এই দিনটোলৈকেই অধীৰ আগ্ৰহেৰে প্ৰতীক্ষা কৰিছিল। প্ৰতীক্ষা আৰু সংঘৰ্ষ অব্যাহত আছিল। মন্দিৰ আজি তাতেই নিৰ্মাণ হৈছে, য’ত নিৰ্মাণ কৰিবলৈ সংকল্প লোৱা হৈছিল।’

উল্লেখ্য যে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত আজি মুখ্য যজমানৰ ভূমিকাত অৱতীৰ্ণ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, আৰএছএছ প্ৰধান মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দি বেন পেটেলসহ কেবাগৰাকী ব্যক্তিয়ে এই পূজাত ভাগ লয়। এই কাৰ্যসূচীৰ মূল পূজা অনুষ্ঠিত হয় মন্দিৰৰ গৰ্ভ গৃহত। ৰামলালা বা শিশু ৰামৰ প্ৰতিমূৰ্তি পৱিত্ৰকৰণৰ পিছতে বায়ুসেনাৰ হেলিকপ্টাৰেৰে মন্দিৰত পুষ্পবৃষ্টি কৰা হয়। 

মোদীৰ মন্দিৰ উদ্বোধনীৰ ভাষণত ৰাজনীতিৰ গোন্ধ!

আজিৰ অনুষ্ঠানত ৰাজনীতিৰ স্থান নাথাকিলেও আওপকীয়াকৈ মোদীয়ে ৰাজনীতিৰ সুৰো ভাষণত টানি অনা দেখা গ’ল। বিজেপি নেতা হিচাপে তথা প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত আৰু অমৃতকালৰ যি কথা নিৰ্বাচনী ভাষণত কৈ আহিছে সেয়া ৰাম মন্দিৰ উদ্বোধনৰ ভাষণতো কোৱা শুনা গ’ল। তেওঁ কয়, '২০২৪ চনৰ ২২ জানুৱাৰীৰ সূৰ্য নতুন পোহৰ লৈ উদয় হৈছে। এই দিনটো কেলেণ্ডাৰৰ কেৱল এটা মাত্ৰ তাৰিখ নহয়, এই দিনটো হৈ পৰিব এক কালচক্ৰৰ আৰম্ভণি।’

তেওঁ আৰু কয়, 'এটা লক্ষ্য সত্য প্ৰমাণিত হ’লে আৰু এটা লক্ষ্যত উপনীত হোৱাতো অসম্ভৱ হৈ নাথাকে। ভাৰত এইবাৰ আগুৱাই যাব। এই সময়ৰেই অপেক্ষা আছিল। আমি বিকাশৰ সৰ্বোচ্চ স্তৰত উপনীত হ’বই লাগিব।’

বিৰোধীৰ নাম নোলোৱাকৈয়ে মোদীয়ে ভাষণত কয়, 'এটা সময়ত কোৱা হৈছিল যে ৰাম মন্দিৰ হ’লে দেশত জুই জ্বলি উঠিব। কিন্তু আজি এই মন্দিৰৰ নিৰ্মাণে জুই নহয়, জ্যোতিৰ জন্ম দিছে।’ বিৰোধীসকলক আহ্বান জনাই তেওঁ কয়, 'আহক বুজক। নিজৰ সিদ্ধান্তৰ পুনৰ বিবেচনা কৰক। বিবাদ নহয়, ৰাম হৈছে সমাধান। ৰাম বৰ্তমান নহয়, ৰাম অনন্তকালৰ।’

ইফালে, আজিৰ অনুষ্ঠানত যোগীৰ পৰা আৰম্ভ কৰি মোহন ভাগৱতলৈকে সকলোৱে মোদীক প্ৰশংসা কৰা দেখা গ’ল। ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মুৰব্বী গোবিন্দদেৱ গিৰিয়ে মোদীৰ কথা কৈ ভাষণত আৱেগিক হৈ কান্দি উঠে। তেওঁ কয়, 'তিনি দিন ব্ৰতপালনৰ পৰামৰ্শ দিয়া হৈছিল যদিও মোদীয়ে ১১ দিন উপবাসে আছে। তিনি দিন নহয়, ১১ দিন মাটিত শুইছে। কিয়নো তেওঁ হৈছে তপস্বী প্ৰধানমন্ত্ৰী। 

একেদৰে আৰএছএছ প্ৰধান মোহন ভাগৱতেও প্ৰধানমন্ত্ৰী মোদীক নিজৰ ভাষণত তপস্বী আখ্যা দিয়ে। তেওঁ কয়, 'প্ৰধানমন্ত্ৰীয়ে প্ৰয়োজনতকৈয়ো বেচি কঠোৰ ব্ৰত ৰাখিছে। আমি আগতেই জানিছিলো যে তেওঁ তপস্বী।’ ভাগৱতে ভাষণত মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি ভগিনী নিবেদিতাৰ প্ৰসংগ উল্লেখ কৰি দেশবাসীক ,তপস্বী হৈ উঠিবলৈকো আহ্বান জনায়। আৰএছএছ নেতাজনে আৰু কয়, 'অযোধ্যাত মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পূৰ্বেই ভাৰতক আমি বিশ্বগুৰু কৰি তুলিব লাগিব।

প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ কোন কোন আহিল?

এই অভিষেক অনুষ্ঠানলৈ দেশৰ শতাধিক সুপ্ৰসিদ্ধ ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছিল। যাৰ ভিতৰত আছে অমিতাভ বচ্চন, ৰজনীকান্ত, শচীন তেণ্ডুলকাৰ, মুকেশ আম্বানি, নীতা আম্বানিৰ দৰে তাৰকা আৰু উদ্যোগপতিও। এই কাৰ্যসূচীত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰা বুলি দাবী কৰা হৈছে।

অনুষ্ঠানৰ আৰম্ভণিতে সোণু নিগম, অনুৰাধা পোড়ৱাল, শংকৰ মহাদেৱনৰ দৰে কণ্ঠশিল্পীয়ে ৰাম ভজন পৰিৱেশন কৰে। ইয়াৰ পিছত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে মন্দিৰৰ সৈতে জড়িত বহু তথ্যৰ উন্মেষ ঘটায়।

প্ৰণিধানযোগ্য যে, কৰ্ণাটকৰ বিশেষ শিলেৰে মহীশূৰৰ ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজে প্ৰস্তুত কৰিছে ৰাম লালাৰ প্ৰতিমূৰ্তিটো। ইফালে মন্দিৰৰ ভেটি হৈছে ১৪ মিটাৰ।  আগন্তুক কেইবা হাজাৰ বছৰলৈ অক্ষত ৰাখিব পৰাকৈ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে ৰাম মন্দিৰটো। মন্দিৰত এনে এক কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে, য'ত ২৫ হাজাৰ ভক্তই নিজৰ জোতা, চেন্ডেল আৰু মোবাইল ফোন ৰাখিব পাৰিব।  

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰা দেশৰ সুপৰিচিত ব্যক্তি সকলৰ ভিতৰত আছে সংঘৰ মুৰব্বী মোহন ভাগৱত, উদ্যোগপতি নীতা আম্বানী আৰু মুকেশ আম্বানী, প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, উমা ভাৰতী, অভিনেতা পৱন কল্যাণ, ছবি পৰিচালক সুভাষ ঘাই, অভিনেতা চিৰঞ্জীৱী, কৈলাশ সত্যৰ্থী, সংগীতকাৰ অনু মালিক, ৰণবীৰ কাপুৰ, আলিয়া ভাট, বিকি কৌশল, কেটৰিনা কাইফ, জেকি শ্ৰফ, উদ্যোগপতি তথা যোগগুৰু ৰামদেৱ, ধীৰেন্দ্ৰ শাস্ত্ৰী, অনিল কুম্বলে, অনুপম খেৰ, অভিনেত্ৰী কংগনা ৰানাৱত, বিবেক ওবেৰয়, বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱাল আদি।

বিভিন্ন জাতিৰ পুৰোহিতে সম্পন্ন কৰিলে প্ৰাণ প্ৰতিষ্ঠা  

অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত সমগ্ৰ দেশৰ বিভিন্ন জাতি আৰু শ্ৰেণীৰ মুঠ ১৫ পুৰোহিত উপস্থিত থাকে৷ পুৰোহিতসকলে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পূজা-পাৰ্বণ কৰে। পুৰোহিতসকল দলিত, জনজাতীয়, অ’বিচি (যাদৱকে ধৰি) আৰু অন্যান্য জাতিৰ। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে পূৰ্বেই ১৪ পুৰোহিতৰ নাম প্ৰকাশ কৰিছিল। ৰাম মন্দিৰ মুখ্য আৰু শেষ অভিষেক অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰ.এছ.এছৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত পুৰোহিতসকলে প্ৰাণ প্ৰতিষ্ঠাৰ পূজা সম্পন্ন কৰে।

১৪ পুৰোহিতৰ তালিকাত আছে আৰ.এছ.এছৰ ভানবাসী কল্যাণ আশ্ৰমৰ সভাপতি ৰামচন্দ্ৰ খাৰাদী। জনজাতীয় সম্প্ৰদায়ৰ খৰাদী উদয়পুৰৰ। তিনিজন পুৰোহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লোকসভা সমষ্টি বাৰাণসীৰ। কাশীৰ ডোম ৰজা অনিল চৌধুৰী। বাৰাণসীৰ আন দুজন পুৰোহিত হৈছে কৈলাশ যাদৱ আৰু কাবীন্দ্ৰ প্ৰতাপ সিং। অসমৰ ৰাম কুই জেমি, চৰ্দাৰ গুৰু চৰণ সিং গিল (জয়পুৰ), কৃষ্ণ মোহন (হৰদয়, ৰবিদাসী সমাজৰ পৰা), ৰমেশ জৈন (মুলতানি), আদালাৰাছন (তামিলনাডু), বিঠলাৰাও কাম্বলে (মুম্বাই), মহাদেৱ ৰাও গাইকৱাদ (লাটুৰ, ঘুমন্তু সমাজৰ ট্ৰাষ্টী), লিংগৰাজ বাসৱৰাজ আপ্পা (কৰ্ণাটকৰ কালাবুৰাগী), দিলীপ বাল্মিকী (লক্ষ্নৌ), আৰু অৰুণ চৌধুৰী (হাৰিয়ানাৰ পালৱাল) উপস্থিত থাকে।

শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ন্যাসৰক্ষী সমিতিৰ অৱধ শাখাৰ সদস্য আৰ.এছ.এছৰ নেতা অনিল মিশ্ৰ আৰু পত্নী উষাই হৈছে প্ৰধান পুৰোহিত৷ যি দুগৰাকী পুৰোহিতে অভিষেক অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠানসমূহ সম্পন্ন কৰিছিল। ২০২০ চনত নিৰ্মাণ কাৰ্য চোৱাচিতা কৰিবলৈ গঠিত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ ১৫ ন্যাসৰক্ষীৰ ভিতৰত মিশ্ৰ অন্যতম।

কোনে কি ক'লে?

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত উপস্থিত থাকি উদ্যোগপতি মুকেশ আম্বানীয়ে কয়, "আজি জয় শ্ৰী ৰাম আহি আছে।  ২২ জানুৱাৰীৰ দিনটো সমগ্ৰ দেশৰ বাবে ৰাম দেৱালী হ'ব।" ইফালে পত্নী নীতা আম্বানীয়ে এই দিনটো এক ঐতিহাসিক দিন বুলি অভিহিত কৰে।

বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালে অনুষ্ঠানত অংশ লৈ কয়, "আমাৰ সকলোৰে বাবে এইটো এটা গৌৰৱৰ দিন। ইয়ালৈ অহাৰ সুযোগ লাভ কৰি মই ধন্য মানিছোঁ।" অভিনেতা বিবেক অবেৰয়ে কয়, "এই ঠাইখনৰ বহু ছবি দেখিছো, কিন্তু ইয়াত থকাটো যাদুকৰী।"

লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কয় যে যিটো মূৰ্তি এতিয়ালৈকে কেৱল এটা শিলৰ টুকুৰা আছিল, সেয়া অভিষেকৰ পিছত ঈশ্বৰৰ ৰূপ ল’ব। নিয়ম, ৰীতি-নীতি আৰু পৰম্পৰাক সন্মান কৰাসকলেই ভগৱান ৰামৰ ডাঙৰ ভক্ত। অন্যহাতে প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত ন্যায় যাত্ৰাৰ বাবে অসমত থকা ৰাহুল গান্ধীক বটদ্ৰৱা থানত প্ৰৱেশত বাধা দিয়াৰ পিছতে তেওঁ কয় যে আজি মাত্ৰ এজন ব্যক্তিয়েহে মন্দিৰলৈ যাব পাৰে।

লো-তীখা অবিহনে মন্দিৰ নিৰ্মাণ

ভাৰতীয় পৰম্পৰাগত ঐতিহ্য স্থাপত্যৰ এক মনোমোহা নিদৰ্শন হিচাপে নিৰ্মাণ কৰা হৈছে অযোধ্যাৰ এই ভব্য ৰাম মন্দিৰ। যাতে এই মন্দিৰ আগন্তুক কেইবাশতিকালৈ অক্ষত হৈ থাকে, তাৰ বাবে নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে বিশেষ প্ৰযুক্তি। লক্ষণীয় কথা যে, ৰাম মন্দিৰ নিৰ্মাণত কোনো ধৰণৰ তীখা আৰু লোহাৰ ব্যৱহাৰ কৰা হোৱা নাই। 

শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই দাবী কৰা মতে, আগন্তুক এহাজাৰ বছৰতকৈও অধিক কাললৈ অক্ষত হৈ থাকিব এই ৰাম মন্দিৰটো। তেওঁ লগতে এয়াও কয় যে পূৰ্বে কেতিয়াও ব্যৱহাৰ নকৰা প্ৰযুক্তিৰে মন্দিৰৰ গাঁথনিটো নিৰ্মাণ কৰা হৈছে। নাগাৰা শৈলীত ৰাম মন্দিৰৰ স্থাপত্যৰ ডিজাইন প্ৰস্তুত কৰিছে চন্দ্ৰকান্ত সোমপুৰাই। নাগাৰা শৈলী বা উত্তৰ ভাৰতীয় মন্দিৰৰ ডিজাইনৰ সৈতে মিল থকা মন্দিৰটোৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে উন্নত মানৰ গ্ৰেনাইট, বেলেগ বেলেগ শিল আৰু মাৰ্বলৰ। 

ৰূৰকী কেন্দ্ৰীয় বিল্ডিং ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক ড০ প্ৰদীপ কুমাৰ ৰামাঞ্চৰালাই কয় যে মন্দিৰৰ গাঁথনিত ব্যৱহৃত গ্ৰেনাইট, মাৰ্বল আৰু শিল সংযুক্ত কৰিবলৈ কোনো চিমেণ্ট বা চূণ ব্যৱহাৰ কৰা হোৱা নাই। তাৰ বিপৰীতে গছ ব্যৱহাৰ কৰি সমগ্ৰ গঠনটো নিৰ্মাণ কৰিবলৈ তলা আৰু চাবি ব্যৱস্থাৰ ব্যৱহাৰ কৰা হৈছে। চিবিআৰআইয়ে জনোৱা মতে, ৩ মহলীয়া মন্দিৰটো ২৫০০ বছৰলৈ ভূমিকম্পৰ পৰা সুৰক্ষিত হ’ব পৰাকৈ ডিজাইন কৰা হৈছে। 

মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে তিনিমহলীয়া মন্দিৰটোৰ মুঠ মাটিকালিৰ পৰিমাণ হৈছে ২.৭ একৰ। মন্দিৰটো ৫৭ হাজাৰ বৰ্গফুটত নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে ৰাম মন্দিৰত লোহা বা তীখাৰ ব্যৱহাৰ হোৱা নাই, কাৰণ লোহাৰ আয়ুসকাল মাত্ৰ ৮০-৯০ বছৰ। ৰাম মন্দিৰৰ উচ্চতা হ’ব ১৬১ ফুট, যিটো কুতুব মিনাৰৰ উচ্চতাৰ প্ৰায় ৭০ শতাংশ হ’ব। নৃপেন্দ্ৰ মিশ্ৰই লগতে জনোৱা মতে, মন্দিৰৰ তলৰ মাটি বালিচহীয়া আৰু অস্থিৰ আছিল। যাৰ বাবে তেনে ভূমিত মন্দিৰ নিৰ্মাণ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। 

কিন্তু বিজ্ঞানীসকলে এই সমস্যাৰ এটা ভাল সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হয়। প্ৰথমে সমগ্ৰ মন্দিৰ এলেকাৰ মাটি ১৫ মিটাৰ গভীৰতালৈ খান্দি লোৱা হয়। তাৰ পিছত ১২-১৪ মিটাৰ গভীৰতালৈকে ইঞ্জিনিয়াৰ্ড মাটি ভৰোৱা হয়। মাটিখিনি শিলৰ দৰে কঠিন কৰি তুলিবলৈ ৪৭ তৰপ বেছ্ড কম্পেক্ট কৰা হয়। তাৰ পিছত ইয়াৰ ওপৰত ১.৫ মিটাৰ ডাঠ এম-৩৫ গ্ৰেড মেটেল ফ্ৰী কংক্ৰিটৰ ৰাফ্ট স্থাপন কৰা হয়। ভেটিটো আৰু অধিক মজবুত কৰিবলৈ দক্ষিণ ভাৰতৰ পৰা আমদানি কৰা ৬.৩ মিটাৰ ডাঠ কঠিন গ্ৰেনাইট শিল স্থাপন কৰা হয়। 

মন্দিৰৰ ওপৰৰ অংশটো ৰাজস্থানৰ পৰা আমদানি কৰা গুলপীয়া ৰঙৰ 'বংশী পাহাৰপুৰ' শিলেৰে নিৰ্মাণ কৰা হৈছে। চিবিআৰআইৰ মতে, তলৰ মহলাত মুঠ ১৬০ টা স্তম্ভ আছে। প্ৰথম মহলাত ১৩২টা স্তম্ভ আৰু দ্বিতীয় মহলাত ৭৪টা স্তম্ভ আছে। সেই সকলোবোৰ বেলেগ শিলেৰে নিৰ্মিত আৰু বাহিৰত খোদিত কৰা। একে সময়তে, মন্দিৰৰ গৰ্ভগৃহটো ৰাজস্থানৰ বগা মাকৰানা মাৰ্বলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।