newsnextone.com।নগাঁও: নগাঁও জিলাত শিক্ষা বিভাগৰ উদ্যোগত হবলগীয়া গুণোৎসৱৰ সন্দৰ্ভত পূৰ্ণগতিত চলিলে প্ৰস্তুতি পৰ্ব ৷ অন্যান্য শিক্ষাখণ্ডৰ লগতে বটদ্ৰৱা শিক্ষা খণ্ডৰ বিভিন্ন এলেকাত চলিছে গুণোৎসৱৰ প্ৰস্তুতি সভা, কৰ্মশালা আদি ৷

বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা সমল শিক্ষা কেন্দ্ৰ অধীনৰ বিভিন্ন বিদ্যালয়ত চলিছে এনে সভা ৷ আজি বটদ্ৰৱা সমল শিক্ষা কেন্দ্ৰৰ চি আৰ চি চি ৰাম প্ৰসাদ নাথৰ তত্বাবধানত আজি বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনীয়াদী বিদ্যালয় আৰু বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালযত অনুষ্ঠিত হয় গুণোৎসৱ সম্পকীয় প্ৰস্তুতি কৰ্মশালা ৷ এলেকাটোৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় শতাধিক শিক্ষকে কৰ্মশালাত গুণোৎসৱ সন্দৰ্ভত বিভিন্ন খুটি-নাতি সম্পৰ্কে সমল ব্যক্তিৰ পৰা অবগত হোবা বুলি জানিবলৈ দিছে ৷

তাৎপৰ্যপূৰ্ণভাৱে প্ৰয়োজনীয় নিৰ্দেশনাক চুড়ান্তভাৱে অৱজ্ঞা কৰি কেইবাগৰাকীও শিক্ষকে আজিৰ কৰ্মশালাত অনুপস্থিত থকাৰ উপৰিও বহু শিক্ষকে মাথো উপস্থিতিৰ স্বাক্ষৰ কৰিয়েই দৃষ্টিকটূভাৱে গুচি যোৱা বুলি জানিব পৰা গৈছে ৷ বিভাগীয় বিষয়াই এনে শিক্ষকৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহন কৰে সেয়াহে লক্ষনীয় হব ৷