newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ উদ্যোগত আৰু মহেন্দ্ৰ নগৰ বজাৰ উন্নয়ন সমিতিৰ সহযোগত গুৱাবাৰীত এনআৰচি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰি বিশিষ্ট সমাজকৰ্মী বানেশ্বৰ বৰ্মনে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ সাঃ সম্পাদক মাধৱ চেত্ৰীয়ে ৷ 

সভাত বাক্সা জিলা আৰক্ষী অধীক্ষক বিনয় কলিতাই  প্ৰকৃত ভাৰতীয় লোক কোনো কাৰণতে এনআৰচিৰ পৰা বঞ্চিত নহয় বুলি কয় ৷ সকলো শ্ৰেণীৰ ৰাইজক শান্তি - সম্প্ৰীতি অটুট ৰাখবলৈ আহ্বান জনাই আৰক্ষী অধীক্ষকগৰাকীয়ে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে যি সকলে সমাজত উৰা বাতৰি প্ৰচাৰ কৰি মানুহৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে সেই সকলক প্ৰশাসনে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিব বুলি কয় ৷ 

 আৰক্ষী অধীক্ষক বিনয় কলিতাই ৰাইজক কোনো উৰা বাতৰিত ভোল নাযাবলৈও আহ্বান জনায় ৷ এনআৰচিত নাম নথকা ভাৰতীয় লোকসকলে পুনৰ নীতি নিয়মৰ মাজেৰে আবেদন কৰিব পাৰিব বুলি কয় ৷ সভাত গোৰ্খা নেতা মাধৱ চেত্ৰীয়ে সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰখাৰ আহ্বান জনাই কয় যে যিসকলৰ এনআৰচিৰ পৰা নাম বাদ পৰিছে সেই সকলক গোৰ্খা ছাত্ৰ সন্থাই সকলো প্ৰকাৰৰ সহায় সহযোগ কৰি যাব বুলি কয় ৷ 

সভাত তামুলপুৰ মহকুমাৰ সহ আয়ুক্ত হৃদয় দাস, নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ বিষয়া জ্যোতিষ কাকতি, স্থানীয় এমচিএলএ ধৰ্মনাৰায়ন দাস, বজাৰ উন্নয়ন সমিতিৰ সভাপতি কৰ্ন বিমলি, তামুলপুৰ থানাৰ পৰিদৰ্শক উপেন্দ্ৰ শৰ্মা, আৰক্ষী বিষয়া ৰাজেন বড়ো, নিখিল সিংহা, গুৱাবাৰী এছ এছ বিৰ বিষয়া মীনা কুমাৰ, ভিচিডিচিৰ অধ্যক্ষ, গাঁওবুঢ়াসকলৰ লগতে দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে।