newsnextone.com | ডিজিটেল ডেস্কঃ অসমত হিন্দু বাংলাদেশীক সংস্থাপন লৈ যুক্তি-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ত্ৰিপুৰাত আটক হ’ল ২৪ গৰাকী সন্দেহযুক্ত বাংলাদেশী৷ 

বৃহস্পতিবাৰে ত্ৰিপুৰাৰৰ আগৰতলা ৰেল ষ্টেচনত ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ধৃত বাংলাদেশী কেইজনক৷ ধৃত বাংলাদেশী কেইজন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে৷ 

ত্ৰিপুৰা আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ধৃত লোককেইজনৰ পৰা ভুৱা আধাৰ কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ পশ্চিমবংগ, উত্তৰপ্ৰদেশ আৰু তামিলনাডুৰ পৰা এই আধাৰ কাৰ্ডসমূহ অনা হৈছিল৷ কিন্তু আৰক্ষীৰ পৰ্যবেক্ষণত আধাৰ কাৰ্ডসমূহ ভুৱা বুলি প্ৰমাণিত হৈছে৷ 

ধৃতত বাংলাদেশী কেইজনক জেৰা কৰাৰ বাবে জাতীয় তদন্তকাৰী সংস্থোাৰ এটি দল শুকুৰবাৰে গুৱাহায়টীৰ পৰা আগৰতলালৈ ৰাওনা হয়৷ 

জানিব পৰা মতে, ২৪ ধৃত বাংলাদেশী কেইজনে ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ যোগে দিল্লীৰ পৰা আগৰতলাত উপস্থিত হোৱাৰ পিছতে সন্দেহৰ ভিত্তিত আৰক্ষীয়ে তালাচী চলায় আৰু ধৃত বাংলাদেশী কেইজনক আটক কৰিবলৈ সক্ষম হয়৷