newsnextone.com। তেজপুৰঃ মাননিৰ সলনি মজুৰি আৰু ব্যক্তিগত কোম্পানীৰ পৰিচালনা বন্ধৰ দাবীত সোমবাৰে অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে বালিপৰা ব্লক কমিটি আৰু চিটুৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

শতাধিক ৰন্ধন কৰ্মচাৰীয়ে বালিপৰা চেন্টাৰৰ পৰা প্ৰতিবাদী সমদল উলিয়াই বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰে ৷

সৰ্বভাৰতীয় ইউনিয়নৰ সমৰ্থন জনাই ৰন্ধন কৰ্মচাৰীসকলে বালিপৰা প্ৰতিবাদ সাব্যস্ত কৰি খণ্ড প্ৰাথমিক বিষয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে৷ চৰকাৰে এই কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি সঁহাৰি নজনালে পুনৰ আইন অমান্য আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে।