যোৰহাটঃ অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেশ্যন, সদৌ অসম মটৰ-শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়ন, অল আছাম মটৰ শ্ৰমিক ফেডাৰেশ্যনে কাইলৈ আহ্বান জনাইছে চকা বন্ধৰ৷

মটৰ পৰিবহণ শ্ৰমিক-কৰ্মচাৰীক পেন্সন দিয়া, চিকি९সাৰ ব্যৱস্থা কৰা, শ্ৰমিক-কৰ্মচাৰীৰ ল'ৰা-ছোৱালীক শিক্ষা সাহায্য দিয়া, মটৰ ভেহিকল আইন, ১৯৮৮ সংশোধন কৰি শ্ৰমিকবিৰোধী ধাৰা সন্নিবিষ্টকৰণ, যান-বাহনৰ প্ৰিমিয়াম, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত ২৪ ঘন্টীয়া ৰাজ্যজোৰা ধৰ্মঘট আৰু চকা বন্ধ কাৰ্যসূচী পালন কৰিব৷

অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেছন, সদৌ অসম মটৰ-শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়ন আৰু আছাম মটৰ শ্ৰমিক ফেডাৰেচনৰ আহ্বানত ৰূপায়ণ কৰা হ'ব এই কাৰ্যসূচী। গুৱাহাটী প্ৰেছ ক্লাবত অলপতে অনুষ্ঠিত এক সংবাদমেলযোগে শ্ৰমিক নেতা বীৰেন শৰ্মা আৰু ৰমেন দাসে এই কথা সদৰী কৰে৷

সংবাদমেলত নেতাদ্বয়ে সমাজখনক গতিশীল কৰি ৰখা শ্ৰম শক্তিটোৰ অন্যতম পৰিবহণ শ্ৰমিক বুলি কৈ চৰকাৰে দাবীসমূহ মানি নোলোৱাত ক্ষোভ ব্যক্ত কৰে৷ কেঁচা সামগ্ৰী কাৰখানালৈ নিয়া, উ९পাদিত সামগ্ৰী বিক্ৰী কেন্দ্ৰত ৰাইজৰ বাবে লৈ অহা, উ९সৱ-পাৰ্বণত আন লোকসকল পৰিয়ালৰ সৈতে ব্যস্ত থকাৰ সময়তে চালকসকলে দিনে-নিশাই মানুহ অনা-নিয়াত ব্যস্ত থাকে বুলি ক্ষোভ ব্যক্ত কৰে নেতা দুজনে।

নিজৰ ল’ৰা-ছোবালীৰ খবৰ নলৈ আনৰ ল’ৰা-ছোবালীক বিদ্যালয়ত অনা-নিয়াত ব্যস্ত থকা চালকসকলে দৰমহা নহয় সাধাৰণ মাননি লৈ ত্যাগৰ মনোবৃত্তিৰে সেৱা আগবঢ়াই আহিছে বুলিও শ্ৰমিক নেতাদ্বয়ে আৱেগিক মন্তব্য আগবঢ়ায়। যান-বাহনৰ প্ৰিমিয়াম, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধি কৰি চৰকাৰে চালকৰ ওপৰত আৰ্থিক আক্ৰমণ কৰা বুলি কৈ বাটে-পথে অবৈধভাৱে ধন সংগ্ৰহ, আৰক্ষীৰ হাৰাশাস্তি আদিৰ বিষয়ে উল্লেখ কৰি চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যৰ সমূহ চালক তথা শ্ৰমিকসকলক ২৫ এপ্ৰিলৰ চকা বন্ধ কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনায় শ্ৰমিক নেতাদ্বয়ে।