বিৰোধীৰ নিৰ্বাচন বৰ্জন আৰু ভোটাৰৰ সীমিত ভোটদানৰ হাৰৰ মাজতো বাংলাদেশত পুনৰ এবাৰ ক্ষমতাৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ সক্ষম হ’ল শ্বেখ হাছিনাই।  সোমবাৰে ঘোষণা কৰা হয় চুবুৰীয়া দেশখনৰ দ্বাদশ সংখ্যক ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ফলাফল। ২৯৯টা সমষ্টিৰ ভিতৰত ঘোষিত হোৱা ২৯৮টা সমষ্টিৰ ফলাফলত শ্বেখ হাছিনাৰ আৱামী লীগে ২২৪টা সমষ্টিতে জয়লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ এবাৰ চৰকাৰত অধিষ্ঠিত হোৱাৰ পথ সুচল কৰে। ইফালে এই নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীয়ে ৫২ খন আসন লাভ কৰাৰ বিপৰীতে বৰ্তমানৰ সংসদৰ বিৰোধী দল জাতীয় পাৰ্টীয়ে লাভ কৰে মাত্ৰ ১১ খন আসন।

বাংলাদেশৰ নিৰ্বাচনী সংবিধান অনুসৰি ৩০০ আসনৰ ৰাষ্ট্ৰীয় সদনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১৫১খন আসনৰ। সেই হিচাপে ইতিমধ্যে আৱামী লীগে পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে একেৰাহে চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ ওলাইছে আৱামী লীগে।

নিৰঙ্কুশ বিজয়ৰ পিছত সোমবাৰে বিয়লি বিদেশী পৰ্যবেক্ষকৰ সৈতে সৌজন্যমূলক বাৰ্তালাপত শ্বেখ হাছিনাই কয়, ''আমাৰ লক্ষ্য হৈছে জনসাধাৰণৰ ভোটাধিকাৰ নিশ্চিত কৰা। মানুহে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰিছিল। এই বিজয় জনসাধাৰণৰ জয়।’’ শ্বেখ হাছিনাই লগতে কয়, ''মই আঠবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো। এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে।’’

প্ৰধানমন্ত্ৰী হাছিনাই বিজয় উৎসৱ যাপন কৰি কয়, ''বাংলাদেশৰ ৮০ শতাংশ লোক দৰিদ্ৰ আছিল। বঙ্গবন্ধুৰ লক্ষ্য আছিল যাতে দেশৰ জনসাধাৰণে উন্নত জীৱন যাপন কৰিব পাৰে। আমি চৰকাৰ গঠন কৰি দেশ গঢ়াৰ কামত নিজকে উৎসৰ্গা কৰি আহিছো।’’

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰূপে এয়া হ’ব শ্বেখ হাছিনাৰ পঞ্চম কাৰ্যকাল। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা হাছিনাই ২০০৯ চনত পুনৰ নিৰ্বাচিত হৈছিল। আৰু তেতিয়াৰে পৰা ক্ষমতাৰ বাঘজৰী হাতৰ পৰা সুলকিবলৈ দিয়া নাই হাছিনাই। ভোটদানৰ অন্তত দেওবাৰে শ্বেখ হাছিনাই কয় যে মই দেশত গণতন্ত্ৰ নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছো।

নকল নিৰ্বাচন ! নিৰ্বাচন বৰ্জন বিৰোধীৰ

কিন্তু এইবাৰ নিৰ্বাচন যেন আৱামী লীগৰ বাবে বিৰোধীবিহীন আছিল। কিয়নো ৭ জানুৱাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচন বৰ্জন কৰাৰ ঘোষণা কৰিছিল ১২ বিৰোধী দলৰ মিত্ৰজোঁটৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও। দেওবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচন শ্বেখ হাছিনা চৰকাৰৰ প্ৰহসন বুলি দাবী কৰি জনতাকো ভোট বৰ্জনৰ বাবে আহ্বান জনাইছিল বিৰোধীয়ে। যাৰ বাবে এই নিৰ্বাচনত ভোটদানৰ হাৰো আছিল যথেষ্ট কম। তথ্য অনুসৰি, দ্বাদস সংসদীয় নিৰ্বাচনত কেৱল ৪০ শতাংশহে ভোটদান হৈছিল। কিন্তু বিৰোধীয়ে ভোটদানৰ হাৰ ইয়াতকৈ কম বুলি দাবী কৰিছে।  

অন্যহাতে দেশখনত নতুনকৈ নিৰ্বাচন অনুষ্ঠানৰো দাবী উত্থাপন কৰিছে বিৰোধীয়ে। নিৰপেক্ষ চৰকাৰৰ অধীনত নতুন নিৰ্বাচনৰ দাবীৰ সপক্ষে ৰাইজক জড়িত কৰাৰ বাবে মঙলবাৰ আৰু বুধবাৰে মুখ্য বিৰোধী দল বিএনপিয়ে দুদিনীয়া গণসংযোগ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ঘোষণাও কৰে।

এই কাৰ্যসূচীৰ কথা ঘোষণা কৰি বিএনপিৰ স্থায়ী সমিতিৰ সদস্য ড০ আব্দুল মইন খানে কয় যে দেশৰ জনসাধাৰণে এই নিৰ্বাচন স্বতঃস্ফূৰ্তভাৱে নাকচ কৰিছে। তদুপৰি ৬৩ টা ৰাজনৈতিক দলে এই নিৰ্বাচনত অংশগ্ৰহণ কৰা নাছিল বুলি জানিবলৈ দি আব্দুল মইন খানে ইয়াৰ বাবে সকলোকে ধন্যবাদো জনায়।

তেওঁ কয়, ''আৱামী লীগে নকল নিৰ্বাচন অনুষ্ঠিত কৰিছে, নকল প্ৰাৰ্থী দিছে, নকল পৰ্যবেক্ষক দিছে, কিন্তু ভোটাৰক ভোটগ্ৰহণ কেন্দ্ৰলৈ লৈ যাব পৰা নাই। চৰকাৰৰ প্ৰতি মানুহৰ বিশ্বাস থাকিলে মানুহে নিজে নিজে ভোট দিবলৈ আহিলহেঁতেন।’’ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ৪০ শতাংশ ভোটদানৰ হাৰ সন্দৰ্ভত মইন খানে কয় যে প্ৰথমে কোৱা হৈছিল যে ২৭.৫ শতাংশ ভোটদান হৈছে। পিছত সেয়া আচৰিতভাৱে ৪০ শতাংশ কৰা হ’ল।

তেওঁ কয় যে ৰাইজে নকল নিৰ্বাচন নাকচ কৰি দ্বাদশ ৰাষ্ট্ৰীয় নিৰ্বাচন ভুৱা বুলি প্ৰমাণ কৰিছে। নিৰ্বাচন আয়োগে দুটা কেন্দ্ৰ বন্ধ কৰি নিৰ্বাচন ন্যায্য বুলি প্ৰমাণ কৰিব বিচাৰিছিল। জনতাই এই নাটক ভালদৰেই বুজি পাইছে। উল্লেখ্য যে বাংলাদেশৰ এই নিৰ্বাচন ভুৱা বুলি দাবী কৰাৰ বাবেই দেওবাৰে বহু কেইগৰাকী বিএনপি নেতা আৰু সমৰ্থকক গ্ৰেপ্তাৰ কৰাৰো অভিযোগ উত্থাপন হৈছিল।

বিৰোধী অবিহনে নিৰ্বাচনত জয়

হিউমেন ৰাইটছ ৱাচৰ তথ্য অনুসৰি যোৱা বছৰৰ ২৮ অক্টোবৰত বিৰোধীৰ সমাৱেশে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছত প্ৰায় ১০ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। এই সমাৱেশ হিংসাত্মক হৈ পৰাৰ ফলত কমেও ১৬ জন লোক নিহত হোৱাৰ লগতে পাঁচ হাজাৰৰো অধিক লোক আহত হয়। শ্বেখ হাছিনা চৰকাৰে হিংসা প্ৰতিৰোধৰ নামত ভুৱা অভিযোগেৰে বিৰোধীক কাৰাবন্দী কৰাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে এই অভিযোগ নাকচ কৰি আহিছে আৱামী লীগে।

বিৰোধীয়ে প্ৰায়ে আশংকা ব্যক্ত কৰি আহিছে যে বাংলাদেশত আৱামী লীগৰ জয়ৰ লগে লগে তাত এক দলীয় শাসন ব্যৱস্থা স্থাপন হ’ব। হাছিনা চৰকাৰে ক্ৰমান্বয়ে বিৰোধীশূণ্য বাংলাদেশ গঢ়িবলৈ প্ৰয়াস কৰা বুলিও অভিযোগ উত্থাপন হৈ আহিছে।  চৰকাৰৰ বৈধতা আৰু কাম-কাজক লৈ প্ৰশ্ন উত্থাপন কৰা বিৰোধী নেতা আৰু নাগৰিকৰ বিৰুদ্ধে হাছিনা চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও অভিযোগ উত্থাপন হয়।

এনে পৰিপ্ৰেক্ষিততে এইবাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰা দেখা গৈছিল বিৰোধীক। মূল বিৰোধী দল বিএনপিয়ে স্বতন্ত্ৰ তত্ত্বাৱধায়ক চৰকাৰৰ অধীনত নিৰ্বাচনৰ দাবী জনাইছিল। কিন্তু চৰকাৰে নাকচ কৰিছিল বিএনপিৰ এই দাবী। ইয়াৰ পিছত বিএনপিয়ে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল। বিএনপিৰ ভাৰপ্ৰাপ্ত সভাপতি তাৰিক ৰেহমানে লণ্ডনৰ পৰা ইমেইলযোগে সংবাদসংস্থা বিবিচিক জনায়, ‘আমাৰ শান্তিপূৰ্ণ আৰু অহিংস আন্দোলন অব্যাহত থাকিব।’ ৰেহমানে ২০০৮ চনৰ পৰা লণ্ডনত বাস কৰি আহিছে।

উল্লেখ্য যে, তাৰিক ৰেহমান হৈছে শ্বেখ হাছিনাৰ তীব্ৰ প্ৰতিদ্বন্দ্বী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ। দুৰ্নীতিৰ অভিযোগত বৰ্তমান গৃহবন্দী হৈ আছে খালেদা জিয়া। ২০০৪ চনত শ্বেখ হাছিনাৰ ৰেলীত গ্ৰেনেডেৰে আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণত শ্বেখ হাছিনা আহত হোৱাৰ লগতে কমেও ২০ জন লোকৰ মৃত্যু ঘটিছিল। এই আক্ৰমণ সংঘটিত কৰাৰ ষড়যন্ত্ৰ কৰাৰ অপৰাধত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল তাৰিক ৰেহমানক। কিন্তু ৰেহমানে কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভিত্তিহীন আৰু ৰাজনৈতিক প্ৰতিশোধমূলক। এইবাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিএনপিয়ে ৰাইজক ভোটদানত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছিল।

চৰকাৰে যাকেই জিকাব বিচাৰিছিল, তেঁৱেই জয়ী হৈছে

সংসদৰ বিৰোধী দল জাতীয় পাৰ্টিয়ে এই নিৰ্বাচনক লৈ ক্ষোভ প্ৰকাশ কৰিছে। সদ্য ঘোষিত নিৰ্বাচনৰ ফলাফলত সংসদৰ বিৰোধী দল জাতীয় পাৰ্টীয়ে লাভ কৰিছে মাত্ৰ ১১ খন আসন। ফলাফলক লৈ দলটোৰ অধ্যক্ষ গোলাম মহম্মদ (জি এম) কোৱাডাৰে কয় যে চৰকাৰে য’ত নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছিল, তাতেই নিৰপেক্ষ হৈ পৰিছে; যাকে জিকাব বিচাৰিছিল তেঁৱেই জয়ী হৈছে।

সোমবাৰে সাংবাদিকৰ আগত গোলাম মহম্মদে কয়, “সামগ্ৰিকভাৱে নিৰ্বাচন ভাল নহয়। আশংকা কৰা ধৰণেই নিৰ্বাচন অনুষ্ঠিত হৈছে। চৰকাৰে য’ত নিৰপেক্ষ হ’ব বিচাৰিছিল তাতেই নিৰপেক্ষ হৈছে৷ চৰকাৰে য’তেই জয় হ’ব বিচাৰিছিল তাতেই জয়ী হৈছে৷ যিটো লৈ আমি সদায় শংকিত হৈ আছিলো। আৱামী লীগে আমাৰ কথা পালন নকৰিলে। সেইবাবেই এই নিৰ্বাচনৰ কোনোটোৱেই গ্ৰহণযোগ্য নহয় আৰু কোনেও নিৰ্বাচনক মান্যতা দিব বিচৰা নাই।”

হাছিনা চৰকাৰৰ সাফল্য

শ্বেখ হাছিনাৰ সমৰ্থকসকলৰ দাবী যে যি সময়ত বাংলাদেশত অতি প্ৰয়োজন হৈছিল, সেই সময়তে দেশখনত ৰাজনৈতিক স্থিতিশীলতা প্ৰতিষ্ঠা কৰিছিল শ্বেখ হাছিনাই। আৱামী লীগৰ নেতা অনিছুল হকে কয়, "আমি আৰম্ভ কৰা ৰাজনৈতিক প্ৰক্ৰিয়াই বাংলাদেশলৈ ৰাজনৈতিক স্থিতিশীলতা কঢ়িয়াই আনিছে। মই ভাবো ইয়াৰ বাবে বিশ্বই শ্বেখ হাছিনাক কৃতিত্ব প্ৰদান কৰা উচিত।" তেওঁৰ মতে, যোৱা ১৫ বছৰত শ্বেখ হাছিনাৰ আটাইতকৈ ডাঙৰ সাফল্য হ’ল বাংলাদেশৰ জনসাধাৰণৰ মনত আত্মবিশ্বাস সৃষ্টি কৰা। মানুহে নিজকে বিশ্বাস কৰিবলৈ শিকিছে।

অন্যহাতে হাছিনাৰ নেতৃত্বত বাংলাদেশৰ অৰ্থনৈতিক ছবিখনো সলনি হৈ পৰা বুলি দাবী কৰে চৰকাৰৰ সমৰ্থকসকলে। এসময়ৰ বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ ভিতৰৰ এখন হিচাপে পৰিচিত মুছলমানপ্ৰধান দেশ বাংলাদেশে যোৱা এটা দশকত শ্বেখ হাছিনাৰ নেতৃত্বত অৰ্থনৈতিক উত্থান ঘটাবলৈ সক্ষম হৈছে।  বৰ্তমান বাংলাদেশ বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ভিতৰত অন্যতম।

আনকি এতিয়া বিশাল প্ৰতিবেশী ভাৰতবৰ্ষতকৈও আগবাঢ়ি আছে বাংলাদেশ। বাংলাদেশৰ জনমূৰি আয় যোৱা দশকত তিনিগুণ বৃদ্ধি পাইছে আৰু বিশ্ব বেংকৰ হিচাপ অনুসৰি যোৱা ২০ বছৰত ২.৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে বাংলাদেশ চৰকাৰে। ইয়াৰোপৰি বৰ্তমান সময়ত চীনৰ পিছতে বিশ্বৰ দ্বিতীয় বৃহত্তম বস্ত্ৰ উৎপাদনকাৰী দেশ হৈছে বাংলাদেশ।

কিন্তু কোভিড মহামাৰীৰ বাবে ২০২২ চনৰ পৰা বাংলাদেশৰ অৰ্থনীতিৰ পৰিস্থিতি অস্থিৰ হৈ পৰিছে। মুদ্ৰাস্ফীতি বাঢ়িছে আৰু তাত থকা চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ঋণ ল’বলৈ বাধ্য হৈছে। ৰাইজৰ ক্ষোভ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে। একে সময়তে বাংলাদেশৰ ওপৰত আন্তৰ্জাতিক চাপও বাঢ়িছে।

শ্বেখ হাছিনাক ভাৰতৰ সমৰ্থন

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত আমেৰিকাই দেশৰ গণতন্ত্ৰ দুৰ্বল কৰাৰ বাবে বাংলাদেশী বিষয়াসকলৰ ওপৰত ভিছাৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহেও বাংলাদেশত মানৱ অধিকাৰ উলংঘা আৰু মতানৈক্য দমনৰ সন্দৰ্ভত শ্বেখ হাছিনা চৰকাৰক সকীয়াই দিছিল। কিন্তু শ্বেখ হাছিনাৰ চৰকাৰে জানে যে ভাৰত যেতিয়ালৈকে তেওঁলোকৰ লগত আছে, তেতিয়ালৈকে পশ্চিমৰ পৰা অহা যিকোনো গুৰুতৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰা যাব।

উন্নত দেশসমূহেও জানে যে বাংলাদেশৰ বস্ত্ৰ উদ্যোগৰ পৰা যিকোনো ধৰণৰ ৰেহাই হ্ৰাস কৰিলে লাখ লাখ শ্ৰমিকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু এই শ্ৰমিকসকলৰ অধিকাংশই হৈছে মহিলা।

১৯৯৬ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা শ্বেখ হাছিনা ২০০৯ চনত পুনৰ নিৰ্বাচিত হয়। তেতিয়াৰ পৰাই হাছিনাই বাংলাদেশক নেতৃত্ব প্ৰদান কৰি আছে। বাংলাদেশৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে শ্বেখ হাছিনা। যেতিয়া শ্বেখ হাছিনাৰ কাৰ্যকাল শেষ হ’ব তেতিয়া তেওঁৰ বয়স হ’ব ৮১ বছৰ। শ্বেখ হাছিনাৰ পিছত আৱামী লীগত কোনে স্থান লাভ কৰিব সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৱামী লীগৰ সমৰ্থকসকলৰ বাবেও এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰশ্ন।

শ্বেখ হাছিনাক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেখ হাছিনাৰ নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰে জয়ালাভৰ পিছতে অভিনন্দন জনায়। বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাই সোমবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰে। তেওঁ ভাৰতীয় জনতা আৰু প্ৰধানমন্ত্ৰী মোদীৰ হৈ শ্বেখ হাছিনাক নিৰ্বাচনত জয়ী হোৱাৰ বাবে অভিনন্দন জনায়। নতুন চৰকাৰৰ দিনত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰি প্ৰণয় বাৰ্মাই কয় যে ৰাষ্ট্ৰীয় উন্নয়নৰ কামত দুয়োখন দেশে ইজনে সিজনক সহায় কৰিব।

প্ৰণয় বাৰ্মাই কয় যে বাংলাদেশৰ জনসাধাৰণে এখন সুস্থিৰ, প্ৰগতিশীল আৰু সমৃদ্ধিশালী দেশ বিচাৰে। ভাৰতে তেওঁলোকক সেই লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। দুয়োখন দেশৰ দীৰ্ঘদিনীয়া বন্ধুত্বই দিশ দেখুৱাব। ই দুয়োখন দেশৰ জনসাধাৰণৰ মুক্তিযুদ্ধত ত্যাগৰ অনুপ্ৰেৰণা যোগাব।

ভাৰতৰ লগতে বিভিন্ন দেশৰ কূটনীতিবিদসকলেও প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক দ্বাদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনত তেওঁৰ দলৰ নিৰপেক্ষ বিজয়ৰ বাবে অভিনন্দন জনায়। ভাৰতৰ উপৰি ৰাছিয়া, চীনকে ধৰি বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতসকলে সোমবাৰে শ্বেখ হাছিনাক সাক্ষাৎ কৰি বাংলাদেশলৈ সমৰ্থন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ উপ প্ৰেছ সচিব নুৰেলাহী মীনাই কয় যে সোমবাৰে পুৱা প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ গণভৱনত ভাৰত, ৰাছিয়া, চীন, ভূটান, ফিলিপাইনছ, ছিংগাপুৰ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰদূতসকলে বৈঠকত মিলিত হয়।

নিজ নিজ দেশৰ হৈ প্ৰধানমন্ত্ৰীক সম্ভাষণ জনোৱাৰ পিছত ৰাষ্ট্ৰদূতসকলে বাংলাদেশক সহায় কৰি যাবলৈ দৃঢ় প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। শ্বেখ হাছিনাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ দেশৰ উন্নয়ন আৰু সমৃদ্ধিৰ দিশত তেওঁলোকৰ সহায় সহযোগিতা কামনা কৰে।