নগাঁওঃ নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হোৱা ২০১৭ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত এ প্লাছ আৰু গ্ৰেড-এ  অৰ্জন কৰা বিদ্যালয়সমূহৰ সম্বৰ্ধনা সভাত মঞ্চত ব্যৱহৃত বেনাৰত দেখা গ’ল বানান বিভ্ৰাত৷

যাক লৈ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ৷ সৰ্বশিক্ষাৰ নগাঁও জিলা মিছনৰ সমন্বয়ক, নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, স্থানীয় বিধায়ক আৰু শিক্ষা খণ্ডটোৰ অধীনৰ বিদ্যালয়ৰ প্ৰায় পাঁচ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মঞ্চত ব্যৱহাৰ কৰা দুখন বেনাৰত বানান ভুলকৈ থকা দেখা যায়৷ বেনাৰত আছে 'অধিনস্থ' হ’ব লাগে 'অধীনস্থ' 'জেষ্ঠ' হ’ব লাগে 'জ্যেষ্ঠ'৷

কাজেই এনেদৰে শিক্ষকৰ সভাতেই বানান ভুলকৈ স্পষ্টৰূপত উপস্থাপন হোৱা বিষয়টোৱে শিক্ষা খণ্ডটোৰ বিষয়া-কৰ্মচাৰীৰ চৰম দায়িত্বহীনতাকে উদঙাই দিয়ে৷ উল্লেখ্য, দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফলত খাগৰিজান শিক্ষা খণ্ডই ৰাজ্যৰ ভিতৰতে উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ শিক্ষা খণ্ডটোৰ ৩২ খনে এ প্লাছ আৰু ১০৮ খনে এ গ্ৰেড লাভ কৰিবলৈ সক্ষম হয়৷