ডিজিটেল ডেস্কঃ অশান্ত কাশ্মীৰত কেন্দ্ৰ চৰকাৰে সামাজিক গণমাধ্যম নিষিদ্ধ কৰি দিয়াক লৈ আন্তৰাষ্ট্ৰীয় মহলে নিন্দা কৰাৰ লগতে কেন্দ্ৰৰ এই সিদ্ধান্তই অঞ্চলটোত আৰু অধিক বিৰূপ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰাৰ সময়তে এইবাৰ ৰাষ্ট্ৰসংঘই এই বিষয়ত মাত মাতিছে। 

এপ্ৰিল মাহত কেন্দ্ৰই ছ’চিয়েল মিডিয়া ছাইটচ আৰু ম’বাইল ইণ্টাৰনেটৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে বাবে আহ্বান জনাইছে ৰাষ্ট্ৰসংঘৰ দুজন বিশেষজ্ঞই।  উল্লেখ্য যে ২৬ এপ্ৰিলত জাৰি কৰা হৈছিল এই নিষেধাজ্ঞা। এই নিৰ্দেশৰ আধাৰত ১৬ টা ছ’চিয়েল মিডিয়া ৱেবছাইটৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

ইয়াতে জনপ্ৰিয় ছ’ছিয়েল নেটৱৰ্কিং ছাইট ফেচবুক, টুইটাৰ, হোৱাটচআপ আদি অন্তৰ্ভুক্ত। কেন্দ্ৰ চৰকাৰৰ মতে ৰাষ্ট্ৰবিৰোধী কামত এনে ৱেবছাইটবোৰ জম্মু-কাশ্মীৰত ব্যৱহৃত হৈ অহাৰ পৰিপ্ৰেক্ষিততে এই নিষেধাজ্ঞা জাৰি কৰিবলগীয়া হৈছে। এই আদেশ জনহিতাৰ্থেই জাৰি কৰা হোৱা বুলি কেন্দ্ৰই কৈছিল।

 
এই আদেশ ইণ্ডিয়ান টেলিগ্ৰাফ আইন ১৮৮৫ ৰ আধাৰত জাৰি কৰা হৈছে। এপ্ৰিল মাহত শ্ৰীনগৰ লোকসভাৰ উপনিৰ্বাচনৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছিল। বিশ্বৰ আগশাৰীৰ বাতৰি কাকত দা নিউয়ৰ্ক টাইমচৰ দৰে কাকতৰ সম্পাদকীয়ত কেন্দ্ৰৰ এই পদক্ষেপ সমালোচিত হৈছিল।