newsnextone.com | ডিজিটেল ডেস্কঃ দেশত তিনি তালাকক লৈ লেতেৰা ৰাজনীতি চলি থকাৰ মাজতে তালকৰ বিৰোধিতা কৰি সমাজৰ ৰোষত পৰিল এগৰাকী মহিলা৷ উত্তৰ প্ৰদেশৰ নিদা খান নামৰ মহিলাগৰাকীয়ে তালাকৰ বিৰোধিতা কৰাৰ বাবেই এটা অনুষ্ঠানে ফতোৱা জাৰি কৰি মূৰৰ মূল্য ঘোষণা কৰে৷ নিদা খানৰ লগতে আন এগৰাকী মহিলা ফৰহাত নকভিৰ বিৰুদ্ধে ফতোৱা জাৰি কৰি মূৰৰ মুল্য ঘোষণা কৰে৷

মইনুদ্দিন সৃষ্টি নুৰি নামৰ লোকগৰাকীয়ে মহিলাক শিৰচ্ছেদ কৰিব পাৰিলে ১১ হাজাৰ ৭৮৬ টকা দিয়াৰ কথা ঘোষণা কৰে৷ মহিলাই কয় যে আমাৰ মূৰৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছে৷ তিনিদিনৰ ভিতৰত দেশ এৰি নগ'লে আমাক হত্যা কৰাৰ ধমকি দিয়া হৈছে৷ যাৰ বাবে এতিয়া দুই মহিলাই নিৰাপত্তাহীনতাত ভূগিছে৷

উচ্চতম ন্যায়ালয়ৰ ৰায়ক উপেক্ষা কৰি স্বামীয়ে তালাক দিছিল নিদাক৷ যাৰ বাবে আদালতৰ ওচৰ চাপে নিদা৷ হালালাৰ নামত পৰিয়ালৰ অইন এজনক বিয়া কৰাবলৈ বাধ্য কৰাইছিল৷ আদালতে তালাক অবৈধ ঘোষণা কৰে আৰু মহিলাই নিৰ্যাতন চলোৱাৰ গোচৰ ৰুজু কৰে স্বামীৰ বিৰুদ্ধে৷ ইমানলৈ ঠিকেই আছিল যেতিয়া মিডিয়াত এই খবৰ প্ৰচাৰ হ’ল তেতিয়াই ৰোষত পৰে আৰু তেওঁৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰা হয়৷ যোৱা ১৬ জুনত মিডিয়াৰ সন্মুখলৈ আহিছিল এই মহিলাই৷

সামাজিক ভাৱে বহিষ্কাৰ কৰা হয় মহিলাক৷ বেমাৰত পৰিলে ঔষধ নিদিয়াৰ লগতে মৃত্যু হলে জানাজা নিদিয়াৰ ফটোৱা জাৰি কৰা হয়৷ ইয়াল লগে লগে কেন্দ্ৰীয় মন্ত্ৰী মোক্তাৰ আব্বাছ নাকভীৰ সম্পৰ্কীয় ভগ্নী নিদা৷ কন্যা সন্তান জন্ম দিয়াৰ পিছতে তালাক দিছিল নিদাক৷ এতিয়া তালাকৰ বিৰুদ্ধে জনমত গঢ়াৰ বাবে কাম কৰে মহিলাগৰাকীয়ে আৰু ‘মেৰা হক’ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ জন্ম দিয়ে৷ মহিলাই মোডীক সাক্ষাৎ কৰিব বিচাৰে৷ তিনি তালকৰ বিৰুদ্ধে কাম কৰিব খোজে৷