newsnextone.com | চৰাইদেউঃ বছৰ বছৰ ধৰি বৰহাট চাহ বাগিচাৰ শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিচাত শুকুৰবাৰে ভাৰতীয় চাহ শ্ৰমিক সংঘৰ বৰহাট বাগিচা গোটে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। 

ভাৰতীয় চাহ শ্ৰমিক সংঘ বৰহাট বাগিচা গোটে বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি বাগিচাৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনায়। বছৰ বছৰ ধৰি বৰহাট চাহ বাগিচাৰ শ্ৰমিকক যাৱতীয় সা-সুবিধাৰ পৰা বঞ্চিত কৰি শ্ৰমিককলে পানী যোগান, বিজুলী যোগান, বাগিচা প্ৰাথমিক চিকিৎসালয়ত ঔষধ যোগান নধৰা, আবাস গৃহৰ পুনৰ নিৰ্মাণ নকৰা, বাগিচাত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰা, বাট-পথৰ উন্নয়নৰ দাবী উত্থাপন কৰে।

 বৰহাট চাহ বাগিচা ফেক্টৰীৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ন কৰে। অনশন কাৰ্যসূচীত ভাৰতীয় চাহ শ্ৰমিক সংঘৰ সোণাৰি শাখাৰ সম্পাদক শিৱৰাজ তাঁ‌তী আৰু সহঃ সম্পাদক পংকজ চৰকাৰে অংশগ্ৰহণ লয়। বৰহাট চাহ বাগিচাৰ কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ নোলোৱাত শ্ৰমিকসকলে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি দাবী পূৰণ নকৰিলে অনাগত দিনত পুনৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে।