গুৱাহাটীঃ বুধবাৰে এতিয়া আমাৰ ইয়াত জীয়াই থকাৰে অধিকাৰ নোহোৱা হৈছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই৷

ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে উলিওৱা এটি সমদলত অংশ লৈ এখন সুৰক্ষিত সমাজ বিচাৰি নাৰী আজি ৰাজপথলৈ ওলাই আহিছো বুলি কৈ বৰষাই এনে এখন আইন লাগে যাতে এনে ঘটনা আমাৰ সৈতে দুনাই নহওক বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ 

News18 Assam & NE নামৰ নিউজ চেনেলটোক দিয়া সাক্ষাৎকাৰত বৰষাই আৰু কয় ‘‘সম অধিকাৰৰ বাবে নাৰীয়ে চিঞৰি আছে কিন্তু ইয়াত আমাৰ এতিয়া জীয়াই থকাৰে অধিকাৰ নোহোৱা হৈছে৷ মই শ্বুটিং কৰি ঘুৰি ফুৰো, থিয়েটাৰ কৰি ঘুৰি ফুৰো কাইলৈ মোৰ লগত যে তেনেকুৱা নহ’ব তাৰ কি মানে আছে৷’’ 

এতিয়া আমনি লাগিছে৷ সমাজত আমাৰ কিহলৈ ভয়৷ বাঘ ভালুকে আহি আমাক নাখায়৷ মই অসম চৰকাৰক আহ্বান জনাইছো৷ এইবাৰ এনে এক সিদ্ধান্ত লওক এনে শাস্তি হওক যাতে সাতটা জনমলৈ আৰু কোনোও এনে কৰিবলৈ ভয় কৰে বুলিও কয় বৰষাই৷