পাঞ্জাবাৰীঃ বিদ্যুতৰ সঘন আহ-যাহত অতিষ্ঠ হৈ পৰিছে মহানগৰীৰ বশিষ্ঠৰ ৰাইজ৷ নিশাটো দূৰৰে কথা দিনতে লুকা-ভাকু খেলা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে বশিষ্ঠবাসী।

বিদ্যুৎ বিভাগৰ গড়ভঙা উপ-সংমণ্ডলত স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

টিআৰপি খ্যাত হাঁহিৰাম মন্ত্ৰীৰ বিভাগে ৰাইজৰ সুবিধা-অসুবিধালৈ গুৰুত্ব নিদি ঘনে ঘনে সংযোগ কাটে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে৷

অকৰ্মণ্য বিভাগটোৱে খোদ ৰাজধানী চহৰ গুৱাহাটীৰ বৃহৎ অঞ্চলটোত নিয়মীয়া বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰি বীৰত্ব দেখুৱাই বিভাগটোৱে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক দৈনিক হাৰাশাস্তি খুৱাই আহিছে বুলিও অভিযোগ উঠিছে। কাৰ ওচৰলৈ গ'লে দিনটোৰ প্ৰায় ১২ ঘণ্টা বিদ্যুৎ কৰ্তনৰ নাটকখনৰ যৱনিকা পৰিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে।