newsnextone.com | নগাঁওঃ সমষ্টিৰ পথত গাড়ী মটৰ চলাব পৰা পৰিবেশ নাই। কিন্তু ভাষণত উন্নয়নে উন্নয়ন। ৰাজ্যত এতিয়া উন্নয়ন হোৱা বুলি দাবী কৰা হয় যদিও প্ৰকৃততে গ্ৰাম্য এলেকাৰ পথ কেইটা প্ৰত্যক্ষ কৰিলে সকলাে ওলাই পৰে। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ গুৰুত্বপূৰ্ণ পথ ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথ মেৰামতিৰ অভাৱত জহি-খহি যোৱাৰ লগতে ডাঙৰ ডাঙৰ গাতৰ সৃষ্টি হৈছে। ইমানৰ পিছতো পথ মেৰামতি নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে।

অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাস বিজড়িত শ্ৰী শ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীজৰে পৰা নামনি অসমৰ ৰাইজে সততে ব্যৱহাৰ কৰি আহিছে  ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথ ৷ 

উল্লেখ্য, দীৰ্ঘদিনে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা এই পথটো বিগত বৰ্ষৰ মাৰ্চ মাহত ৰাইজৰ দাবীৰ প্ৰতি সহাঁৰি জনাই নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে গড়কাপ্তানী বিভাগে৷ স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ ঘনিষ্ঠ কেইজনমান যুৱকক পৃথকে পৃথকে পথটোৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হয় ৷ 

কিন্তু নিৰ্মাণৰ মাত্ৰ এবছৰৰ পিছতেই এতিয়া পথটোৱে কদৰ্য ৰূপ ধাৰণ কৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কাৰণ বিধায়িকাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতেই কামৰ দায়িত্ব পোৱা ঠিকাদাৰৰূপী যুৱককেইজনে সঠিকভাৱে পথৰ নিৰ্মাণ কাৰ্য সম্পন্ন নকৰাত সামান্য এজাক বৰষুণতে ঠায়ে ঠায়ে পানী জমা হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে ৷ আনকি আঁসোৱাহপূৰ্ণ তথা পালমৰা ধৰণে নিৰ্মাণ কৰাত পথটোত এতিয়া কদৰ্য ৰূপ ধাৰণ কৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়াত পৰিছে ৷ 

জানিব পৰা মতে, বৰ্তমান অতি গুৰুত্বপূৰ্ণ পথটোৰ খৌৰামুচৰ-বৰডুবীয়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পৰা জামুগুৰি চাৰিআলি অংশ পকীবোৰ বখলা-বখলে এৰি গৈ বোকা-পানীৰে উপচি পৰি একেবাৰে শোচনীয় হৈ পৰিছে ৷ শেতালি, জামুগুৰি, চমুৱাগাঁও, কোঁচৰগাঁও, ভৰালীচুক, ব্ৰাহ্মনগাঁও, ক্ষেত্ৰিগাঁও, গান্ধী পথাৰ, চাউলখোৱা, চকলাঘাট চাৰিআলি, দৰঙীয়াল গাঁৱৰ অংশবোৰত অসংখ্য সৰু-বৰ গাঁতৰ সৃষ্টি হৈছে ৷ ঠায়ে ঠায়ে পথটোৰ অৱস্থা ইমানেই শোচনীয় যে পথ নে পথাৰ ধৰিবই নোৱাৰি৷ 

আনকি খৌৰামুচৰ-বৰডুবীয়া প্ৰাথমিক বিদ্যালয়, গান্ধীজী প্ৰাথমিক বিদ্যালয়, হাতীচোং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰত তথা কোঁচৰগাঁও আৰু চমুৱাগাঁৱৰ নামঘৰৰ সন্মুখত আৰু ব্ৰাহ্মগাঁও চাৰিআলিত কেইবাটাও পুখুৰী সদৃশ বৃহৎ দ' গাঁতৰ সৃষ্টি হোৱাত পথটো একপ্ৰকাৰে যাতায়াতৰ বাবে বিপদজ্জনক হৈ পৰা দেখা গৈছে৷ একমাত্ৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু তেওঁৰ স্বামী আকাশদ্বীপ ডেকাৰ আপোন হোৱাৰ বাবেই অভিজ্ঞতা নথকা লোকক পথৰ নিৰ্মাণৰ ঠিকা দিয়াৰ ফলতে যুৱককেইজনৰ দুৰ্নীতিপৰায়ণ মনোভাব তথা নিৰ্মাণ কাৰ্যত থকা আসোৱাহৰ বাবেই সামান্য এজাক বৰষুণতে এই পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে বুলি অভিযোগ উত্থাপন হয়৷ অতি ব্যস্ততাপূৰ্ণ পথছোৱা শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ স্থানীয় ৰাইজে দাবী জনায় ৷