মুছলপুৰঃ দেওবাৰৰ পৰা বিটিএডিৰ বাক্সা জিলাৰ সদৰ মুছলপুৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী মকলি সভা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হয়৷ মঙলবাৰে লোকে লোকাৰণ্য হৈ পৰে বিটিএডিৰ বাক্সা জিলাৰ সদৰ মুছলপুৰ৷ যোৱা প্ৰায় দুমাহৰ প্ৰস্তুতিৰ অন্তত দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা বড়ো জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ ৫৭ সংখ্যক অধিৱেশন উপলক্ষে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয়৷

মঙলবাৰে অনুষ্ঠিত হোৱা মুকলি সভাত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সোণোৱালে কয় সাহিত্য হ’ল জাতিৰ দাপোন৷ সাহিত্যৰ জৰিয়তে জাতিৰ পৰিচয় প্ৰতিফলিত হয়৷ সাহিত্যই সদায় জাতিটোক গতিশিল কৰে৷ জাতি গঠনত সাহিত্যই শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে৷ বড়ো জাতিৰ এই অনুষ্ঠানটোৱে বড়ো জনগোষ্ঠীটো সজাগ আৰু সচেতন কৰি যুৱ প্ৰজন্মক দিক নিদৰ্শন কৰি আহিছে বুলি কয়৷

মঙলবাৰে বড়ো সাহিত্য সভাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকি এই মন্তব্য আগবঢ়ায় সোণোৱালে৷ নাগালেণ্ড, মিজোৰা, ত্ৰিপুৰা, পশ্চিম বংগৰ বড়োসকলে যিটো উদ্দেশ্যৰে এই অনুষ্ঠানটোৰ জন্ম দিছিল সেই উদ্দেশ্যে সাৰ্থক কৰিবলৈ বড়ো জনগোষ্ঠীয়ে একত্ৰিত হৈ কাম কৰিব লাগিব৷ বড়ো জনগোষ্ঠীয়ে কেৱৰ বড়ো জনগোষ্ঠীৰে নহয় অসমীয়া জাতীয় জীৱনক প্ৰাণৱন্ত কৰি তুলিছে৷

যুৱ প্ৰজন্মই যাতে কলা, সংস্কৃতি, ৰীতি, নীতি, সম্ভাৱনীয়তা, পৰম্পৰাৰে জাতীয় জীৱন শক্তিশালী কৰিব পাৰে তাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰিব লাগিব বুলি কয় মুখ্যমন্ত্ৰী সোণোৱালে৷ বড়ো সাহিত্য সভাই কেৱল বড়োৰে নহয় অসমীয়া জাতিক টনকীয়াল কৰাত সহায় কৰি গৈছে৷ অসম আৰু অসমীয়া জাতিক বিশ্ব বুকুত জিলিকাই তুলিবলৈ বড়ো সাহিত্য সভাই চেষ্টা কৰিব লাগিব বুলি কয়৷

অসমৰ সম্ভাৱনীয়তাক বিশ্বৰ বুকুত দাঙি ধৰিবৈ জ্যেষ্ঠ সকলে যুৱ প্ৰজন্মক উৎসাহিত কৰিব লাগিব বুলি কয়৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক সাহিত্যৰ প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰিবলৈ জ্যেষ্ঠ লোকসকলে উৎসাহিত কৰিব বুলিও কয় সোণোৱালে৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, মন্ত্ৰী ৰিহণ দৈমাৰী, সাংসদ বিশ্বজিৎ দৈমাৰি, খাম্ফা বৰগয়াৰী, কটন মহাবিদ্যালয়ৰ উপাচাৰ্য ভৱেশ গোস্বামী, সাহিত্যিক কামেশ্বৰ ব্ৰহ্ম সহ কেইবাগাৰকী বিশিষ্ট লোক উপস্থিত থাকে৷