আজাৰাঃবিশ্ব জিনিব খোজে তেওঁলোকে ৷ গাঁৱৰ মাটি-পানী গচকি ডাঙৰ-দীঘল হ'লেও বিশ্ব জিনাৰ সপোনে তেওঁলোকৰ মনত দোলা দি থাকে৷ সৌন্দৰ্য চৰ্চাৰ জৰিয়তে সংযুক্তা দত্তৰ দৰে ডিজাইনাৰ নতুবা ফেশ্বনৰ জগতত উজ্বলি উঠিব বিচাৰে তেওঁলোকে৷ গাঁৱৰ পৰা ওলাই গৈ ৰাজমুকুট পিন্ধিব খোজে তেওঁলোকে৷ কিন্তু বিশ্ব জিনাৰ বাবে তেওঁলোকক লাগে এখন মঞ্চ৷

আমাৰ ৰাজ্যত তেনে এখন মঞ্চৰ অভাৱ৷ তাৰ পাছতো যেন তেওঁলোকে ৰৈ থকা নাই৷ তেওঁলোকৰ বিশ্ব জিনাৰ সপোন দিঠকত পৰিণত কৰাৰ বাবে এখন মঞ্চ দিছে দক্ষিণ কামৰূপৰ বি.এম.ক্ৰিয়েচনে ৷ মেখেলা চাদৰ, ৰিহা-মুগাৰ মেখেলা, চেলেং আদি পৰম্পৰাগত সাজ-পাৰ পৰিধানেৰে ৰেম্পত খোজ দিয়াৰ সুবিধা দিছে বি.এম.ক্ৰিয়েচনে  ৷

দক্ষিণ কামৰূপৰ মহিলাসকলৰ মাজত সুপ্ত হৈ থকা প্ৰতিভা বিকাশৰ অৰ্থে বি.এম.ক্ৰিয়েচনে প্ৰথমবাৰৰ বাবে ২৮ জানুৱাৰীত মিৰ্জাস্থিত শ্বহীদ ভৱনত অনুষ্ঠিত কৰা ফেশ্যন প্ৰতিযোগিতা ৷ দক্ষিণ কামৰূপৰ বি.এম.ক্ৰিয়েচনৰ উদ্যোগত অনুষ্ঠিত টেলেণ্ট কনটেণ্ট মিছেছ্ চাউথ কামৰূপ প্ৰতিযোগিতাৰ চুড়ান্ত খিতাপ ছয়গাৱৰ বোৱাৰী জেউতী দাসে অৰ্জন কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনত ভি.আই.পিৰ মিনাক্ষী দত্তই প্ৰথম ৰানাৰ্চআপ আৰু মিৰ্জাৰ প্ৰণিতা দাসে দ্বিতীয় ৰানাৰ্চআপ খিতাপ অৰ্জন কৰে। আনহাতে মিৰ্জাৰ আল্পনা দাসে কিটচেন কুইন আৰু মিছেছ্ টেলেণ্টৰ সন্মান অৰ্জন কৰে। ইয়াৰ লগতে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা কেইবাগৰাকীও প্ৰতিযোগীয়ে বিভিন্ন শিতানত সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।

মিছেছ্ চাউথ কামৰূপৰ এই প্ৰতিযোগিতাত ৰন্ধন, আল্পনা, নৃত্য, গীত, প্ৰশ্নোত্তৰ আদি বিভিন্ন শিতান সন্নিৱিষ্ট হৈ আছিল। বিশিষ্ট ফেশ্যন ডিজাইনাৰ গৰিমা গাৰ্গ, জুৱেলাৰী ডিজাইনাৰ ৱাহিদা ৰেহেমান, মিছেছ্ ইউনিভাৰ্চ কিৰণ বড়ো আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা গাৰ্গি চক্ৰৱৰ্তীয়ে এই প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত আছিল।

উল্লেখ্য যে, এই সৌন্দৰ্য্য প্ৰতিযোগিতাৰ জৰিয়তে বি.এম. ক্ৰিয়েচনে দক্ষিণ কামৰূপৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি মহিলাৰ সুপ্ত হৈ থকা প্ৰতিভা বিকাশত বিশেষ ভূমিকা গ্ৰহণৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা বন্দনা কলিতা আৰু মণিকা ৰয়ে।