ডিজিটেল ডেস্কঃ ডিজিটেল ইণ্ডিয়া কাৰ্যক্ৰমেৰে দেশক ডিজিটেল মাধ্যমেৰে আগুৱাই নিয়াৰ আঁচনি যুগুতাইছে কেন্দ্ৰীয় চৰকাৰে। পিছে একেসময়তে ডিজিটেল প্ৰযুক্তি হৈ পৰিছে দেশৰ বাবে অভিশাপস্বৰূপ।

ইণ্টাৰনেটৰ বাবেও জম্মু-কাশ্মীৰত বৈছে তেজৰ নৈ। ছিন্ন নৰমুণ্ডৰ দৰে হাতত কম্পিউটাৰৰ মাউছ লৈ একাংশ দেশদ্ৰোহীয়ে সূচনা কৰিছে অশান্তিৰ। সশস্ত্ৰ কাৰ্যপন্থাৰে সম্প্ৰতি নিৰাপত্তাৰক্ষীয়ে দমন কৰিছে কাশ্মীৰৰ অশান্তি। শিলাবৰ্ষণকাৰীক দমন কৰি প্ৰান্তীয় ৰাজ্যখনত সেনাই চলাইছে বাৰম্বাৰ অভিযান। শেহতীয়াকৈ অভিযানত নিহত হৈছে মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী।

কিন্তু একে সময়তে উত্তেজনাৰ জ্বলা জুইত ঘৃতাহুতি কৰিছে বেডৰুম জেহাদীয়ে। কাশ্মীৰৰ এচাম পাকিস্তানপন্থী উন্মাদে ছচিয়েল নেটৱৰ্কিং ছাইটৰ জৰিয়তে দেশবিৰোধী সংবাদ প্ৰচাৰ কৰিছে। ফেচবুক, টুইটাৰ আদিত প্ৰকাশ হৈছে ভুৱা খবৰ। একাংশই প্ৰত্।ক্ষভাৱে পাকিস্তানৰ সপক্ষেও প্ৰচাৰ চলাইছে।

তদুপৰি ফেচবুক ব্যৱহাৰ কৰিছে সন্ত্ৰাসবাদীয়েও। হোৱাটছএপৰ শতাধিক গ্ৰুপৰ দেশদ্ৰোহী কাৰ্যও বন্ধ কৰিব পৰা হোৱা নাই। সন্মখলৈ নাহি ইণ্টাৰনেটৰ মাধ্যমত চলা জেহাদ বন্ধ কৰিবলৈ চৰকাৰে বন্ধ কৰিছে ইণ্টাৰনেট সেৱা। তথাপি ৰোধ কৰিব পৰা হোৱা নাই বেডৰুম জেহাদ।