অভয়াপুৰীঃ বৰমৌৰ কামোৰত এগৰাকী যুৱতীৰ মৃত্যু ঘটা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাত। জিলাখনৰ অভয়াপুৰীৰ সমীপৱৰ্ত্তী উত্তৰ শালমাৰাৰ মালিপাৰাত সংঘটিত হয় এই ঘটনা।

প্ৰাপ্ত বাতৰি মতে কালি পুৱা প্ৰায় ১১-০০মান বজাত ঘৰৰ কাষৰ আমগছ এডালত বাহ লৈ থকা এজাক বৰমৌৱে অঞ্চলটোৰ মহন্ত ৰায়ৰ ২৬ বৰ্ষীয় কন্যা শুকুনি ৰায়ক আক্ৰমণ কৰে। সেই সময়ত ঘৰুৱা কাম-কাজত ব্যস্ত হৈ আছিল শুকুনি। 

বৰমৌৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ  ইফালে-সিফালে দৌৰাৰ চেষ্টা চলাই যদিও শুকুনিৰ পক্ষে সেয়া সম্ভৱ হৈ নুঠিল। ফলত বৰমৌৰ জাকটোৰ আক্ৰমণত শুকুনিৰ সমগ্ৰ শৰীৰ উখহি পৰে।

প্ৰচণ্ড বিষত ৰ'ব নোৱাৰি মাটিত ঢলি পৰা শুকুনিক স্থানীয় ৰাইজে ততালিকে অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও আদবাটতে মৃত্যু হয়। মৌৰ আক্ৰমণ এনেদৰে এগৰাকী যুৱতীৰ মৃত্যু ঘটা বাতৰিয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে।