গোৰেশ্বৰঃ অগ্নিকাণ্ডত জাহ যোৱা বাগছা জিলাৰ গোৰেশ্বৰৰ বেতনা হাইস্কুলৰ বিদ্যালয় গৃহ পুনৰ নিৰ্মাণৰ দায়িত্ব লৈছে বিটিচি প্ৰশাসনে। যোৱা ১৪ মাৰ্চত বিধ্বংসী অগ্নিকাণ্ডই ধ্বংসস্তুপত পৰিণত কৰা বিদ্যালয়খনৰ আজি গৃহ পুনৰ নিৰ্মাণৰ শিলান্যাস কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

♦ ৭০ লাখ টকাৰ অনুদান ঘোষণা

এই উপলক্ষে লক্ষেশ্বৰ নাথৰ সঞ্চলনাত বিদ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য বাখ্যা কৰি গোৰেশ্বৰ সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কয় যে বেতনা হাইস্কুল খনি জ্বলি যোৱাৰ পিছত বিটিচি চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু সমগ্ৰ বিদ্যালয় ভৱন, শ্ৰেণীকোঠা আদি নিৰ্মাণ কৰি দিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

ইপিনে পূৰ্বে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে ২০ লাখ টকাৰ অনুদান দিয়াৰ কথা আছিল যদিও বিটিচিৰ শিক্ষা বিভাগে গুৰুত্ব বুজি প্ৰায় ৭০ লাখ টকাৰ অনুমোদন দিছে বুলি  ৰাইজক জানিবলৈ দিয়ে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। বিদ্যালয় গৃহ নিৰ্মাণৰ শুভাৰম্ভণি  অনুষ্ঠানত শুক্লাই চেৰফাং সমষ্টিৰ ই এম গণেশ কছাৰী, গোৰেশ্বৰ টাউন কমিটিৰ অধ্যক্ষ ধনঞ্জয় বড়ো, গড়কাপ্তানি বিভাগৰ উপ কাৰ্যবাহী বিষয়া দীপক মজুমদাৰ আৰু এচ অ জানি বড়ো,  বিদ্যালয়ৰ শিক্ষক - ছাত্ৰ-ছাত্ৰী লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে ইতিমধ্যে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতায়ো ৫ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। চৰকাৰী পক্ষৰ এনে উদ্যোগৰ শলাগ লৈছে গোৰেশ্বৰবাসী ৰাইজে।