গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত বিদ্যালয়খন সম্পৰ্ণ ৰূপে জাহ যোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ মুঠ আঠটা কোঠাৰ লগতে আচবাব, পুথিভঁৰাল, ষ্টোৰ ৰুম, কম্পিউটাৰ লেব, চায়েন্স লেব, অধ্যক্ষ আৰু শিক্ষকৰ জিৰণি কোঠাৰ লগতে কাৰ্যালয়ৰ প্ৰায় সকলো নথিপত্ৰ জ্বলি ছাই হৈ যায়।

গাঁওবাসীয়ে অগ্নিকাণ্ডৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ পানীৰে জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰে যদিও দুটা গৃহৰ বাদে বাকী বিদ্যালয় আৰু সকলো সা-সম্পত্তি জ্বলি ভষ্মিভূত হয়। নিশা প্ৰায় দুই মান বজাত তিনিখন অগ্নিনিৰ্বাপক গাড়ী আহি পায় যদিও বিদ্যালয় খন ইতিপূর্বে জ্বলি ছাই হয়। নিশাই গোৰেশ্বৰ আৰক্ষী আৰু চিআৰপিএফৰ জোৱান সকলে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিয়ন্ত্ৰণ কৰাত ৰাইজক সহযোগ কৰে।

ইপিনে ঘটনাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও এয়া কোনো দুষ্কৃতিকাৰীৰ কাণ্ড বুলি স্হানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত এয়া বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ঘটনা বুলি ভবা হৈছিল যদিও পুৱাভাগলৈ এয়া তেনে নহয় বুলি জানিব পৰা যায়। কিয়নো বিদ্যালয়খনৰ বিদ্যুত সংযোগ যোৱা প্ৰায় ডেৰ মাহ ধৰি বিচ্ছিন্ন হৈ আছিল। জুই প্ৰথমতে পূব দিশৰ সভাগৃহৰ পৰা আৰম্ভ হয় আৰু উক্ত কোঠাৰ পিছফালৰ দুবাৰৰ বাহিৰৰ হেঙাৰডাল নজ্বলালৈ চাই কোনোৱে সেয়া খুলি থোৱা বুলি সন্দেহ কৰাৰ থল আছে।

স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে যে সভাগৃহৰ আচবাবত কোনো দুষ্কৃতিকাৰীয়ে পেট্ৰ'ল বা কেৰোচিন জাতীয় জ্বলনশীল দ্ৰব্য ঢালি জ্বলাই দিয়াৰ ফলতে এই ঘটনা সংঘটিত হৈছে। এইপিনে আজি পুৱাৰ ভাগত গোৰেশ্বৰ সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী, ৰাজহ চক্ৰ বিষয়া, সেনা অধিকাৰী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আদিয়ে আহি ঘটনাৰ বুজ লয়।

বিদ্যালয়খনৰ সম্পূৰ্ণভাবে আচবাব, কোঠা আদি জ্বলি যোৱাত এতিয়া ১৬০ গৰাকী ছাত্ৰ ছাত্ৰীৰ পাঠদানক লৈও সমস্যাৰ সৃষ্টি হৈছে। বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, আনকি প্ৰাক্তন ছাত্ৰ আৰু শিক্ষকসকলেও নিজ বিদ্যালয়খন চকুৰ সমুখতে জ্বলি শেষ হোৱা ঘটনাত ম্ৰিয়মান হৈ পৰে। এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা, গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই আৰু মুছলিম যুৱ পৰিষদে।