newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ জাজৰিৰ অন্তৰ্গত ঢলপুৰীয়া দলৈগাঁৱৰ বামুণগোহাঁই থানত ব্যাপক ওলহ-মালহেৰে পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত আৰু  তিৱা আঞ্চলিক মহাসভাৰ সৌজন্যত দিনজোৰা ব্যতিক্ৰমী কাৰ্যক্ৰমণিকাৰে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা শিৱসাগৰ জকাই সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত ভদ্ৰকৃষ্ণ গোস্বামীৰ প্ৰথম আদ্যশ্ৰাদ্ধ উদযাপন কৰা হয়। 

পুৱা ৬ বজাত স্থানীয় ৰাইজৰ দ্বাৰা ঊষা কীৰ্তন আৰু চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত পৰিবেশ সজাগতাৰ দৰে মহান উদ্দেশ্য আগত ৰাখি সমাজকৰ্মী বাবুল দেউৰী, নগেন বৰদলৈ, প্ৰদীপ বৰদলৈ আৰু কুলাই বৰদলৈৰ উপস্থিতিত থান প্ৰাংগণত বৃক্ষৰোপন কৰা হয়৷ ৮.৩০ বজাত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি ঘনমোহন গোস্বামীৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত প্ৰয়াত সত্ৰাধিকাৰ প্ৰভুজনাৰ প্ৰতিকৃতি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ঠগিত মহন্তই।

 ৯.৩০ বজাত পাঠক বুধিন মহন্তই আৰম্ভ কৰা ভাগৱত পাঠ অনুষ্ঠানত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি হেমচন্দ্ৰ তামুলীয়ে। পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক বুধিন মহন্ত আৰু বৰ্তমানৰ সম্পাদক মানিক বৰাই যুটীয়াভাৱে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে  উপস্থিত থাকে মৰিগাঁও জিলাৰ দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ যাদৱ মহন্ত দেৱ, নৰোৱা বালিসত্ৰৰ ডেকাসত্ৰীয়া প্ৰমথেশ দেৱ গোস্বামী, মুকুল কলিতা।

 উল্লেখ্য যে, পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ বিষয়ববীয়া, তিৱা আঞ্চলিক মহাসভাৰ সমুহ বিষয়-ববীয়াৰ লগতে প্ৰায় তিনি শতাধিক ভক্তবৃন্দৰ উপস্থিতিত দুপৰীয়া ভাগত অনুষ্ঠিত হোৱা সমূহীয়া নাম-কীৰ্তনত নামাচাৰ্য্য হিচাপে অংশ লয় সত্ৰাধিকাৰ নৰেন মহন্ত আৰু গোলাপ মহন্তই। নাম-কীৰ্তনেৰে থান প্ৰাংগণৰ চৌপাশ মুখৰিত কৰি তোলাৰ পিছতে প্ৰসাদ আৰু ভোগ বিতৰণৰ অন্তত বিয়লি ৫ বজাত ধৰ্মধ্বজা অৱতৰণেৰে দিনজোৰাকৈ আয়োজিত অনুষ্ঠানৰ সামৰণি পেলোৱা হয়৷