ভদ্ৰকঃ অযোধ্যাৰ পিছত এইবাৰ ৰাম অাৰু সীতক লৈ ফেইচবুক অাপত্তিজনক মন্তব্য পিছতেই সাম্প্ৰদায়িক হিংসাৰ সূত্ৰপাত হোৱা উৰিষ্যাত ভদ্ৰক চহৰৰ পৰিস্থিতি এতিয়াও স্পৰ্শকাতৰ। বৃহস্পতিবাৰৰ পৰা চহৰখনৰ পৰিবেশ অতিকৈ স্পৰ্শকাতৰ হৈ পৰাত স্কুল-কলেজ, দোকান-পোহাৰ অাদি বন্ধ হৈ পৰে।

কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহ’বলৈ কটকটীয়া নিৰীক্ষণ ব্যৱস্থা সমগ্ৰ চহৰখনতে গঢ়ি তোলা হৈছে বুলি জানিবলৈ দিয়ে অাৰক্ষী অধীক্ষক দিলীপ কুমাৰ দাসে। চহৰখনত সান্ধ্য অাইন জাৰি কৰাৰ লগতে এতিয়ালৈ ৩৫ জন লোকক অাৰক্ষীয়ে অাটক কৰিছে। দোকান-পোহাৰত অগ্নিসংযোগ কৰাৰ দুই এটা বিক্ষিপ্ত ঘটনা ঘটিছে যদিও এতিয়ালৈ কোনো হতাহত হোৱা নাই।

শান্তি শৃংখলা বজাই ৰাখিবলৈ ৩৫ টাকৈ অাৰক্ষীৰ দল মোতায়েন কৰা হৈছে। শুকুৰবাৰে জাৰি কৰা সান্ধ্য অাইন অাজি সন্ধিয়া ৬ বজালৈ বাহাল ৰখাৰ কথা আছিল যদিও পৰিস্থিতি সন্ধিয়ালৈ সুস্থিৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই আইন দেওবাৰলৈ বাহাল থকাৰ কথা ঘোষণা কৰিছে আৰক্ষীয়ে। আনহাতে পাঁচদিনীয়া দিল্লী ভ্ৰমণৰ বাবে ৰাওনা হোবা মুখ্যমন্ত্ৰী পাটনায়কে বিক্ষিপ্ত ঘটনা সম্পৰ্কে ততালিকে অাৰক্ষীক অৱগত কৰিবলৈ টুইটাৰযোগে সকলোকে অনুৰোধ জনাইছে।

উল্লেখ্য যে ছচিয়েল মিডিয়াত ৰাম-সীতাক লৈ অাপত্তিজনক মন্তব্য ভাইৰেল হৈ পৰাৰ পিছতে বজৰংগ দল, বিশ্ব হিন্দু পৰিষদ অাৰু শ্ৰীৰাম নৱমী সমিতিয়ে চহৰখনত শুকুৰবাৰে নিশা প্ৰতিবাদী সমদল উলিওৱাৰ লগতে টায়াৰ জ্বলাই, দোকান-পোহাৰ ভাঙি অাইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অাৰক্ষীয়ে লাঠীচলনা পৰ্যন্ত কৰিবলগীয়া হয়।