নতুন দিল্লীঃ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান সুধাকণ্ঠ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে প্ৰদান কৰিছে ভাৰত চৰকাৰে। শুকুৰবাৰে বিয়লি কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰে। 

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখকো ভাৰত ৰত্ন প্ৰদান কৰা হয়। 

অসম ৰত্ন ডঃ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদানৰ বাবে তেওঁৰ জীৱীত কালৰপৰাই অসমবাসীয়ে দাবী উত্থান কৰি আহিছিল। মনৱতাৰ গান গোৱা সুধাকণ্ঠক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান দিয়াত যোগ্যজনে এই সন্মান লাভ কৰা বুলি বিবেচিত হৈছে।

ইফালে সমগ্ৰ জীৱন কমগ্ৰেছ কৰ্মী হিচাপে কাম কৰা প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰপতি হৈ থকা কালত অতি নিৰপেক্ষতাৰে তেওঁৰ দায়িত্ব পালন কৰাৰ সুনাম আছে।

আনহাতে, আৰ এছ এছৰ আজীৱন কৰ্মকৰ্তা নানাজী দেশমুখে জনসংঘ প্ৰতিষ্ঠাত আগভাগ লৈছিল। জনসংঘই হৈছে বৰ্তমানৰ বি জে পিৰ পূৰ্বৰ সংস্কৰণ।

উল্লেখ্য যে ভাৰত ৰত্নৰ সন্মান প্ৰদান কৰাৰ ক্ষেত্ৰতো বি জে পিয়ে ৰাজনীতি কৰা বুলি চৰ্চা চলিছে। অসমত চলি থকা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনক প্ৰশমিত কৰিবৰ বাবে অসমীয়াৰ হিয়াৰ আমঠু ডঃ ভূপেন হাজৰিকাক এই সন্মান প্ৰদান কৰা হৈছে। আনহাতে, উত্তৰ প্ৰদেশত ক্ষিপ্ৰতাৰে জনপ্ৰিয়তা হেৰুওৱা বি জে পিয়ে আগন্তুক লোকসভা নিৰ্বাচনত পশ্চিমবংগত সৰ্বাধিক আসন লাভ কৰাৰ স্বাৰ্থতে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক এই সৰ্বোচ্চ সন্মান প্ৰদান কৰিছে।