নলবাৰীঃ বন বিষয়া মহৎ তালুকদাৰৰ পিছত এইবাৰ নলবাৰীবাসীক লজ্জানত কৰালে যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুই চক্ৰ বিষয়া ভাস্কৰজ্যোতি দেৱশৰ্মা আৰু ভাস্কৰ দত্ত দাসে। ইয়াৰে ভাস্কৰ দত্ত দাসে ১ এপ্ৰিলত বৰভাগৰ ৰাজহ চক্ৰ বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ হাফলঙত ই এ চি হিচাপে কৰ্মৰত আছিল। সম্পূৰ্ণ অনিয়মেৰে এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি অভিযোগ থকা চক্ৰ বিষয়া ভাস্কৰ দত্ত দাস নলবাৰী জিলাৰ বৰভাগৰ দোকোহা গাঁৱৰ ভদ্ৰেশ্বৰ দাসৰ বৰপুত্ৰ। অৱশ্যে দাস বৰ্তমান গুৱাহাটী বেলতলাৰ স্থায়ী বাসিন্দা।

আনহাতে ধৃত আনজন চক্ৰ বিষয়া ভাস্কৰজ্যোতি দেৱশৰ্মায়ো ২০১৪ চনত বৰভাগৰ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা বিষয়াজনো বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত পোৰাকুছি গাঁৱৰ বাসিন্দা আছিল যদিও পিতৃৰ কৰ্মসূত্ৰে গুৱাহাটী বেলতলাৰ ভেটাপাৰাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। এইজন ভাস্কৰ শৰ্মাৰ দিনতেই বৰভাগ ৰাজহ চক্ৰ কাৰ্যালয়ত সংঘটিত হৈ অহা বিভিন্ন অনিয়মৰ অভিযোগ সৰ্বজনবিদিত।

অসম আৰক্ষীয়ে জালিয়াতিৰ অভিযোগত দুয়োজন চক্ৰ বিষয়াক গ্ৰেপ্তাৰ কৰা কাৰ্যক আদৰণি জনাইছে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিক সমিতিৰ লগতে সমগ্ৰ নলবাৰীবাসীয়ে। সংগঠন দুটাই সঠিক তদন্তৰ জৰিয়তে দুয়োজন বিষয়াকে উপযুক্ত শাস্তি বিহিবলৈকো চৰকাৰক দাবী জনাইছে।