“এফালে নাৰী সুৰক্ষাৰ বৰ বৰ কথা, আনফালে নাৰীৰ ওপৰত নিজৰেই দলৰ নেতা-কৰ্মীৰ যৌন নিৰ্যাতন। এয়াই নৰেন্দ্ৰ মোদীৰ বিজেপিৰ আচল স্বৰূপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত প্ৰায়ে শুনা যায় নাৰী সুৰক্ষাৰ কথা। ‘বেটী বচাও বেটী পঢ়াও’ শ্লোগান ভাটৌৰ দৰে আওৰাই বিজেপিয়ে নাৰী সুৰক্ষাৰ দম্ভালি মাৰে, কিন্তু বাস্তৱ ছবিখন এনেদৰেই বিজেপি নেতাই উদঙাই দি আহিছে। সেয়া লাগিলে বিজেপি বিধায়ক কুলদ্বীৰ সিং চেঙ্গাৰ হওক বা স্বামী চিন্ময়ানন্দ হওক, অথবা এতিয়া বি এইছ ইউৰ ঘটনাই হওক।” 

শেহতীয়াকৈ আই আই টি বি এইচ ইউৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া দেশত বলিছে ৰাজনৈতিক ধুমুহা। ঘটনাৰ ৬০ দিন পাৰ হোৱাৰ পিছত আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত বিজেপিৰ বিৰুদ্ধে এইদৰে নাৰী সুৰক্ষাৰ বিষয়ক লৈ সৰৱ হৈ পৰে উত্তৰ প্ৰদেশ কংগ্ৰছৰ সভাপতি অজয় ৰায়। কংগ্ৰেছ তথা ইণ্ডিয়া মিত্ৰজোঁটৰ অন্য নেতাসকলেও এই ধৰ্ষণকাণ্ডক লৈ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজনৈতিক লাভ অৰ্জনৰ প্ৰয়াসত নামি পৰিছে।

উল্লেখ্য যে, এই লজ্জাজনক ধৰ্ষণকাণ্ড সংঘটিত হৈছিল ১ নৱেম্বৰত বি এইচ ইউ কেম্পাছত। ঘটনাৰ ৬০ দিন পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত বাৰাণসীৰ এখন আদালতে তিনিওকে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজেপিৰ নেতাকেইজন হৈছে কুনাল পাণ্ডে, আনন্দ ওৰফে অভিষেক চৌহান আৰু সক্ষম পেটেল। আৰক্ষীৰ মতে, অপৰাধত ব্যৱহৃত মটৰ চাইকেলখনো উদ্ধাৰ কৰা হৈছে।

কাশী জ’নৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, গ্ৰেপ্তাৰৰ পিছত ‘তিনিও অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰিছে।’ আৰক্ষী বিষয়াসকলে জনোৱা মতে, দেওবাৰে সন্ধিয়া তিনিওজন অভিযুক্তক স্থানীয় আদালতত হাজিৰ কৰোৱা হয়। তাৰ পিছতে আদালতে তিনিওজনকে ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত জেললৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

গান পইণ্টত বলাৎকাৰ!

অভিযোগ অনুসৰি এই ঘটনা সংঘটিত হৈছিল নৱেম্বৰৰ ১ তাৰিখে। সেইদিনা নিশা প্ৰায় ডেৰ বজাত আই আই টি বি এইচ ইউৰ বি টেকৰ ছাত্ৰীগৰাকীয়ে নিউ গাৰ্লছ হোষ্টেলৰ পৰা বাহিৰলৈ ফুৰিবলৈ ওলাই অহাৰ পিছতে বন্দুক দেখুৱাই তেওঁক যৌন নিৰ্যাতন চলায় ৩ অভিযুক্তই।  দাখিল কৰা এজাহাৰ অনুসৰি ছাত্ৰীগৰাকীয়ে হোষ্টেলৰ পৰা কিছু দূৰৈত  অৱস্থিত গান্ধী স্মৃতি হোষ্টেলৰ ছেক্সনত তেওঁৰ বন্ধুক লগ কৰে। দুয়োজনেই কৰ্মন বীৰ বাবা মন্দিৰৰ সমীপত থকাৰ সময়তে বুলেটত অহা তিনিওজন অভিযুক্তই তাত উপস্থিত হৈ তেওঁলোকৰ বাটত ভেটা দি ৰখিবলৈ বাধ্য কৰোৱায়।

এফআইআৰৰ মতে অভিযুক্তই ছাত্ৰীগৰাকীৰ বন্ধুক আক্ৰমণ কৰে আৰু গান পইণ্টত ছাত্ৰীগৰাকীক কাপোৰ খুলিবলৈ বাধ্য কৰে। ইয়াৰ পিছত ছাত্ৰীগৰাকীৰ সৈতে অসৎ কাৰ্য সংঘটিত কৰি তাৰ ভিডিঅ’ও প্ৰস্তুত কৰে আৰু অভিযুক্তই এই ঘটনাৰ কথা উল্লেখ কৰিলে ভিডিঅ’ ভাইৰেল কৰা হ’ব বুলি ভাবুকি দিয়ে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত দহ দিন ধৰি বি এইচ ইউৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে। অভিযুক্ত বিজেপিৰ সৈতে জড়িত হোৱাৰ বাবেই আৰক্ষীয়ে ধৰ্ষণৰ অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হয়।  কিন্তু প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাৰ পিছতে স্থানীয় লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বনো কৰা হয়।

কি কয় আৰক্ষীয়ে?

বাৰাণসীৰ ডিচিপি ৰামসেৱক গৌতমে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পিছত শনিবাৰে মাজ নিশা তিনিওজন অভিযুক্তক নিজ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তিনিওজন অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে। তেওঁ কয়, “অভিযুক্তৰ পৰা মোবাইল ফোন জব্দ কৰা হৈছে। ঘটনাত ব্যৱহৃত মটৰ চাইকেলখনো উদ্ধাৰ কৰা হৈছে।”

কিন্তু পহিলা নৱেম্বৰতে সংঘটিত এই লোমহৰ্ষক ঘটনাৰ তদন্ত চলাই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দুমাহৰ সময় কিয় লাগিল? এই সন্দৰ্ভত সোধা প্ৰশ্নত ডিচিপি গৌতমে কয় যে, "এই কাণ্ডৰ সন্দৰ্ভত আমাৰ তদন্ত আৰু অনুসন্ধান অভিযান চলি আছিল। অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে সময় গ্ৰহণ কৰাটো আমাৰ কৌশলৰ অংশ আছিল।"

তেওঁ কয়, "আৰক্ষীয়ে তিনিওজন অভিযুক্তৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে। আমি জানিবলৈ চেষ্টা কৰিছো যে তেওঁলোকৰ পূৰ্বৰ কোনো অপৰাধজনিত ৰেকৰ্ড আছে নেকি। প্ৰয়োজন হ’লে তেওঁলোকৰ বিৰুদ্ধে গেংষ্টাৰ আইনৰো প্ৰয়োগ কৰা হ'ব।"

অভিযুক্তক লৈ বিজেপিলৈ আঙুলি

এই গোচৰত গ্ৰেপ্তাৰ হোৱা তিনিজন অভিযুক্ত বিজেপিৰ আই টি চেলৰ সৈতে জড়িত বুলিও দাবী কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীকে ধৰি বিজেপিৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতাৰ সৈতে অভিযুক্তৰ ছবিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দাবী অনুসৰি কুনাল পাণ্ডে বাৰাণসীত বিজেপি আই টি চেলৰ সমন্বয়ক হিচাপে কাম কৰি আহিছে। ইফালে আন এজন অভিযুক্ত সক্ষম পেটেল বিজেপিৰ বাৰাণসী ইউনিটৰ আই টি চেলৰ সহ আহ্বায়ক হিচাপে নিযুক্ত আছিল। আনন্দ ওৰফে অভিষেকও আই টি চেল ৱৰ্কিং কমিটিৰ সদস্য হিচাপে কাম কৰি আহিছে।

সক্ষম পেটেলৰ সন্দৰ্ভত আন এক দাবী উত্থাপন হৈছে যে তেওঁ বিদায়ী বিজেপি কাশী প্ৰদেশৰ সভাপতি দিলীপ পেটেলৰ ব্যক্তিগত সচিব। এই দাবীৰ সমৰ্থনত তিনি অভিযুক্তৰ ছ’চিয়েল মিডিয়া প্ৰফাইলৰ উদ্ধৃতি দিয়া হৈছে। বিজেপি নেতাৰ লেটাৰহেডত নিযুক্তি ঘোষণা কৰা পত্ৰও ভাইৰেল হৈ পৰিছে। বিজেপি নেতাসকলেও অনানুষ্ঠানিক কথা-বতৰাত দলৰ সৈতে তিনি অভিযুক্তৰ সম্পৰ্ক স্বীকাৰ কৰিছে।

কিন্তু শেহতীয়া বাতৰি অনুসৰি এই ধৰ্ষণকাণ্ড পোহৰলৈ অহাৰ পিছতে বিজেপিয়ে তিনিওজনকে দলৰ পৰা বহিষ্কাৰ কৰিছে। অৱশ্যে এই সন্দৰ্ভত বিজেপিয়ে কোনো প্ৰতিক্ৰিয়া বা আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। আনফালে বিজেপিৰ আই টি চেলৰ সৈতে অভিযুক্তৰ কথিত সম্পৰ্ক সন্দৰ্ভত সোধাত আৰক্ষী বিষয়াসকলে কয় যে, ইয়াৰ ফলত তদন্তত কোনো প্ৰভাৱ নপৰিব। কিন্তু লক্ষণীয় কথাটো হ’ল তিনি অভিযুক্ত বিজেপিৰ সৈতে জড়িত হোৱাৰ বাবেই তদন্তৰ গতি লেহেমীয়া হোৱাৰো অভিযোগ উত্থাপন হৈছে।

অভিযুক্তক লৈ কি কয় বিজেপিয়ে?

বিজেপিৰ জিলা সভাপতি তথা বিধান পৰিষদৰ সদস্য হন্সৰাজ বিশ্বকৰ্মাই এক অনানুষ্ঠানিক বাৰ্তালাপত কয় যে অভিযুক্তসকল আই টি কোষৰ সদস্য। ঘটনাত অভিযুক্তৰ নাম উল্লেখ হোৱাৰ লগে লগে দলৰ পৰা বহিষ্কাৰ কৰা হয় বুলিও তেওঁ মন্তব্য কৰে। কিন্তু দেওবাৰে বাৰাণসীত এই বিষয়ত প্ৰশ্নৰ পৰা আঁতৰি থকা দেখা গ’ল বিজেপিৰ বহু শীৰ্ষ নেতাক। চিটি নৰ্থৰ বিধায়ক তথা ডাকটিকট মন্ত্ৰী ৰবীন্দ্ৰ জয়ছৱালেও সংবাদ মাধ্যমৰ সৈতে হোৱা এক অনানুষ্ঠানিক বাৰ্তালাপত কয় যে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আক্ৰমণাত্মক ৰূপ বিৰোধীৰ

আই আই টি বি এইচ ইউৰ এই দলবদ্ধ ধৰ্ষণ কাণ্ড পোহৰলৈ অহাৰ পিছতে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে কংগ্ৰেছ তথা অন্য বিৰোধীয়ে। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অজয় ৰায়ে ঘটনাৰ কেইদিনমান পিছতে বিজেপি আৰু বিদ্যাৰ্থী পৰিষদৰ লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছত এই বিষয়ত লংকা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয়।

অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে অজয় ৰায়ে ছচিয়েল মিডিয়া চাইট এক্সত বিজেপি নেতাৰ সৈতে অভিযুক্তৰ ফটো শ্বেয়াৰ কৰে। তেওঁ এই বিষয়ত পূৰ্বৰ বক্তব্যও পুনৰবাৰ দোহাৰি এটা ভিডিঅ’ পোষ্ট কৰে।

ইফালে এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সমাজবাদী পাৰ্টি বিধান পৰিষদৰ সদস্য আশুতোষ সিনহাই কয়, "বৰ্তমান উত্তৰ প্ৰদেশ অপৰাধ ৰাজ্যত পৰিণত হৈছে। ইয়াৰ বাবে বিজেপি নেতা দায়ী।" তেওঁ কয় যে বিজেপিৰ নাৰী-বন্দন, ‘এণ্টি ৰোমিঅ’, ‘বেটী পঢ়াও, বেটী বাচাও’ আদি নাৰী সবলীকৰণৰ শ্লোগান কেৱল ভেকোঁভাওনাহে।

দলৰ মুখপাত্ৰ মনোজ ৰায় ধূপচাণ্ডীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘নাৰীক পূজা কৰাৰ অভিনয় কৰা বিজেপিৰ প্ৰকৃত মুখখন পুনৰ পোহৰলৈ আহিছে।’ সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱে এই ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বিজেপিক কঠোৰ প্ৰশ্ন কৰে। ইয়াৰ পিছত স্থানীয় নেতাসকলে চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰে।