বিহালীঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আহিছে বনাঞ্চল ধ্বংসৰ কাৰ্য ৷ প্ৰতিশ্ৰুতিৰ ঢল বোৱাই ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে উন্নয়নৰ নামত লৈছে শামুকীয়া গতি আনহাতে বন ৰাজ্য সেউজীয়া পাহাৰ কেই খন ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে নিৰ্বাচনৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ কৰাৰ বৰ বৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি, অগপ, বিপিএফৰ মিত্ৰ জোঁটে। বৰ বৰ কথা কোৱা চৰকাৰ খনে এতিয়া বনজ সম্পদ ৰক্ষাত বিফল হৈছে৷

কিয়নো ৰাজ্যত আজিও অব্যাহত থকা বন ধ্বংস হোৱাৰ খবৰ প্ৰতিদিনে প্ৰচাৰ হৈ আহিছে৷ বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বন সংৰক্ষণৰ বাবে ন ন ব্যৱস্থা লোৱাৰ সময়তে এচাম লোকে চলাই আহিছে বন ধ্বংসযজ্ঞ ৷
বিশ্বনাথ জিলা তথা উত্তৰ অসমৰ জৈৱ বৈচিত্ৰৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে বৃটিছ আমোলতেই স্বীকৃতি লাভ কৰা বিহালী সংৰক্ষিত বনাঞ্চলো সম্প্ৰতি সংকটৰ গৰাহত । বিহালীৰ বনাঞ্চলত একাংশ বনদস্যু বীৰাপ্পানে তাতো ভ্ৰুক্ষেপ নকৰাকৈ নিতৌ কাটি গৈছে গছ-গছনি।

বিভিন্ন সময়ত বনাঞ্চলখনৰ ভূমি অৰুণাচলীয়ে বেদখল কৰি বিদ্যালয়, চিকিৎসালয়, গীৰ্জা ঘৰ নিৰ্মাণকে ধৰি শ শ বিঘা ভূমিত ৰৱৰ বাগান, চাহ বাগান নিৰ্মাণ কৰি বন ধ্বংস অব্যাহত ৰখাৰ সমান্তৰালভাবে বনাঞ্চলখনৰ ভিতৰত সম্প্ৰতি অব্যাহত আছে মূল্যৱান গছ কটাৰ অঘোষিত প্ৰতিযোগিতা।

উল্লেখ্যযোগ্য যে যি সময়ত বিহালী সংৰক্ষিত বনাঞ্চলৰ শতবাৰ্ষিকী অনুষ্ঠান উলহ-মালহেৰে আয়োজন কৰা হৈছে সেই সময়তে বিহালী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সংঘটিত হৈ থকা বন ধ্বংস কাৰ্যসূচীয়ে বিপদ কঢ়িয়াই আনিছে বনজ সম্পদলৈ ।

জানিব পৰা মতে, বিহালীৰ বিভিন্ন দল-সংগঠন তথা সচেতন ৰাইজে বহু সময়ত এই বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীক কোনো গুৰুত্ব দিয়া নাই বন বিভাগে ।

ইফালে বনাঞ্চল ধংস কৰাৰ অভিযোগত বন বিভাগে তিনি ফেব্ৰুৱাৰীত টিকাৰাম ছেত্ৰী নামৰ এজন বীট অফিচাৰক শাস্তিমূলকভাৱে বদলি কৰিছে। এই বনাঞ্চলখন ৰক্ষাৰ্থে বিহালীৰ সচেতন মহলে সকলো দল সংগঠনক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে।