বিহালীঃ বি জে পিৰ বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত শুকুৰবাৰে জিনজিয়া ছহিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰংগ মঞ্চত আয়োজিত হোৱা এক অভিনন্দন অনুষ্ঠানত দুজন জিলা পৰিষদৰ সদস্য, আঠখন গাঁও পঞ্চায়তৰ সভাপতি,আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্যসকলক এখনি ফুলাম গামোচাৰে ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বিহালী সমষ্টিৰ স্থানীয় বিধায়ক ৰঞ্জিত দত্তই অভিনন্দন জ্ঞাপন কৰে।

এই অভিনন্দন  অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দত্তই কংগ্ৰেছ  আৰু অ গ প দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বি জে পি চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ ৰাইজে বি জে পিক আঁকোৱালি লৈছে। বি জে পি চৰকাৰ ৰাইজৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ। ৰাইজৰ উন্নয়ন কৰাই বি জে পি চৰকাৰৰ লক্ষ্য বুলি ভাষণত কয় মন্ত্ৰী গৰাকীয়ে।

বি জে পি দলৰপৰা নিৰ্বাচিত হোৱা পঞ্চায়ত প্ৰতিনিধিসকলক যদি কোনো দুৰ্নীতি কৰাৰ তথ্য সহ প্ৰমাণ  লাভ কৰে তেন্তে  জে'ললৈ পঠিওৱা হ'ব। চৰকাৰী আঁচনিসমুহ ৰাইজে নিজেই ৰূপায়ণ কৰিব। জনপ্ৰতিনিধিসকল চৰকাৰী আঁচনি ৰূপায়ণত জড়িত হ'ব নোৱাৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

ইফালে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰূপক শৰ্মাই মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰুদ্ধে অনা ১ কোটি ৩৯ লাখ টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ পোনচাটেই নস্যাৎ কৰি মন্ত্ৰী দত্তই কয়  ধুমকেতুৰ দৰে বিহালীত আবিৰ্ভাৱ হোৱা কংগ্ৰেছ  নেতা গৰাকীয়ে বি জে পিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে।

বাঘমৰা মণ্ডল বি জে পিক এই অপপ্ৰচাৰকাৰী কংগ্ৰেছ নেতা গৰাকীৰ বিৰুদ্ধে আদালতত মানহানি গোচৰ ৰুজু কৰিবলৈও নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।