ডিজিটেল ডেস্কঃ বিতৰ্কৰে দেশৰ আটাইতকৈ চৰ্চাত থকা বিহাৰৰ শিক্ষা বিভাগটোৱে পুনৰ খাইছে মুখথেকেচা৷ মঙলবাৰে বিহাৰ ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক লৈ পুনৰ উত্থাপিত হৈছে প্ৰশ্ন৷   

নকল কৰি শিক্ষাৰ্থীয়ে স্থান লাভ কৰাৰ বদনাম থকা নীতিশ কুমাৰৰ বিহাৰত বিগত বৰ্ষতকৈ এইবাৰ অৱনমিত হ’ল ফলাফল৷ ১২.৫ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা উক্ত পৰীক্ষাত বিজ্ঞান শাখাত ৩০.১১%, কলাত ৩৭.১৩% পৰীক্ষাৰ্থী উৰ্ত্তীণ হয়৷ 

অৱশ্যে বাণিজ্য শাখাত তুলনামুলকভাৱে উন্নত হয় ফলাফল৷ মুঠ ৭৩.৭৬% পৰীক্ষাৰ্থী উৰ্ত্তীণ হয় বাণিজ্যত৷ 
পৰীক্ষাৰ্থীক এক লাখ টকা আৰু কম্পিউটাৰ দিয়াৰ ঘোষণায়ো উৰ্ত্তীণৰ হাৰ ত্ৰিশৰ ঘাইৰ উৰ্ধলৈ নিব নোৱৰাত সৰ্বত্ৰে চৰ্চিত হৈছে নীতিশ কুমাৰ চৰকাৰৰ শিক্ষা বিভাগ৷ ফেইল হ’ল নেকি নীতিশৰ শিক্ষানীতি- এই প্ৰশ্নৰেই মুখ্যমন্ত্ৰীজনক সমালোচনাৰে থকা-সৰকা কৰিছে দেশৰ শিক্ষানুৰাগী মহলে৷  

পৰীক্ষা কেন্দ্ৰসমূহত প্ৰতিবছৰে নকলৰ পয়োভৰৰ বাবে সংবাদ মাধ্যমত চৰ্চিত হৈ আহিছিল বিহাৰৰ নাম৷ বিগত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শীৰ্ষ স্থান লাভ কৰা ৰুবী ৰায় কাণ্ডয়ো সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ 

ৰুবী ৰায়ে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাজনীতি বিজ্ঞানক প্ৰেক্টিকেল বিজ্ঞান বুলি কোৱাত হতবাক হৈ পৰিছিল দেশবাসী। পিছত উত্তৰ বহী পুনৰীক্ষণত ছাত্ৰীগৰাকীয়ে উত্তৰৰ সলনি গান আৰু কবিতা লিখাৰ কথা পোহৰলৈ আহিছিল৷ উক্ত ঘটনাত বিদ্যালয়খনৰ শিক্ষক জড়িত থকাৰ কথাও অনুসন্ধানত পোহৰলৈ আহে৷

ইয়াৰ পিছতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ লক্ষ্যৰে একাধিক নতুন নীতি ঘোষণা কৰে চৰকাৰে। লগতে এইবাৰৰ পৰীক্ষাত নকল ৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপো গ্ৰহণ কৰে ৰাজ্যখনৰ শিক্ষা বিভাগে৷ উক্ত কাৰণতে ৰাজ্যখনৰ দ্বাদশ শ্ৰেণীৰ ফলাফল শোচনীয় হৈ পৰা বুলি শিক্ষানুৰাগী মহলে মত প্ৰকাশ কৰিছে৷ 

উল্লেখ্য যে ২০০৫ চনৰ পৰা (সামান্য বিৰতিৰ বাদে) ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ আছে নীতিশ কুমাৰ৷ কিন্তু শিক্ষাব্যৱস্থাৰ অনিয়ম, দুৰ্নীতি নিৰ্মূলকৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে।