প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ দৰে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷ ঘৰৰ ভিতৰে বাহিৰে প্ৰতিদিনে ধৰ্ষণৰ বলি হৈ আহিছে কেঁচুৱাৰ পৰা বৃদ্ধালৈ সকলো বয়সৰ নাৰী৷ আনকি বিদ্যালয়ত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষক, প্ৰধানশিক্ষকৰ লালসাৰ পৰাও বাদ পৰি নযোৱা হৈছে নাবালিকা ছাত্ৰীসকল৷ যাৰ ফলত সকলো দিশতে এতিয়া নাৰীয়ে নিজকে অসুৰক্ষিত অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে৷

বিদ্যালয়ৰ অধ্যক্ষ সহ মুঠ ১৮ জনৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে৷ বিহাৰৰ চাৰানৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে লিখিত অভিযোগ জনাই কয় যে বিগত ৮ মাহ ধৰি একাধিকবাৰ তেওঁক ধৰ্ষণ কৰা হৈছে৷ ছাত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ অধ্যক্ষ, দুজন শিক্ষকৰ লগতে বিদ্যালয়খনৰ কেইবাজনো ছাত্ৰৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে, লোকলজ্জাৰ ভয়ত ছাত্ৰীগৰাকীয়ে অতদিন ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিব পৰা নাছিল বুলিও কয়৷

শুকুৰবাৰে পুৱা নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ পৰিয়াল আৰক্ষীৰ ওচৰ চাপে৷ ইফালে, নিৰ্যাতিতা ছাত্ৰীগৰাকী আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিদ্যালয়খনৰ অধ্যক্ষ উদয় কুমাৰ ওৰফে মুকুন্দ সিঙক আটক কৰে৷ ইয়াৰ বাহিৰেও আৰক্ষীয়ে দুজন ছাত্ৰ আৰু বালাজী নামৰ এজন সহকাৰী শিক্ষকক আটক কৰিবলৈ সক্ষম হয়৷ নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে৷

জানিবলৈ পোৱা মতে, ২০১৭ চনৰ ডিচেম্বৰ মাহত বিদ্যালয়ৰ লেবৰটৰীৰ ভিতৰত ৩ জন ছাত্ৰই প্ৰথম ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে৷ ছাত্ৰীগৰাকীৰ ধৰ্ষণৰ ভিডিঅ’ বনাই যদি ধৰ্ষণৰ বিষয়ে কাৰোবাক জনায় তেন্তে ভিডিঅ’সমূহ প্ৰচাৰ কৰিব বুলিও ভাবুকি দিয়ে অভিযুক্ত কেইজনে৷ ইফালে, কেইদিনমান পিছত অভিযুক্ত ছাত্ৰকেইজনে ছাত্ৰীগৰাকীৰ ধৰ্ষণৰ ভিডিঅ’ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰে৷ তাৰ পিছত লাহে লাহে এই অশ্লীল ভিডিঅ’টো বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ মাজতো ভাইৰেল হৈ পৰে৷ 

ইয়াৰ পিছতে সকলোৱে মিলি ছাত্ৰীগৰাকীক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে৷ এনে পৰিস্থিতিত ভুক্তভূগী ছাত্ৰীগৰাকীয়ে অধ্যক্ষৰ ওচৰলৈ অভিযোগ লৈ যোৱাৰ পৰত পাষণ্ড অধ্যক্ষইও ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে৷ আনহাতে, লাহে লাহে বিদ্যালয়ৰ আন কেইবাজনো শিক্ষকৰো কামনাৰ বলি হব লগা হয় দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকী৷  

বিদ্যালয়ত একাধিকবাৰ ধৰ্ষণৰ বলি হোৱা নৱম ছাত্ৰীগৰাকীয়ে অৱশেষত বিদ্যালয়ৰ মুঠ ১৮ জনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে৷ ছাত্ৰীগৰাকীৰ অভিযোগৰ পিছতে ছপৰা সদৰৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এখন সমিতি গঠন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷

উল্লেখ্য যে বিহাৰত নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা দেশৰ অন্য ৰাজ্যতকৈ উল্লেখযোগ্য হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰী পৰিসংখ্যা অনুযায়ী ২০১৮ চনৰ প্ৰথম ৩ মাহত ৰাজ্যখনত ১২৭ গৰাকী মহিলা পুৰুষৰ লালসাৰ বলি হৈছে৷ আনহাতে, পুৰুষৰ হাতত নিৰ্যাতিত হোৱা মহিলাৰ ভিতৰত নাবালিকাৰ সংখ্যাই বেছি বুলি চৰকাৰী সমীক্ষাত প্ৰকাশ পাইছে৷