anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰৰ নালন্দা জিলাত একাংশ লোকে এগৰাকী হত্যাৰ অভিযুক্ত লোকক ঘৰৰ প্ৰথম মহলাৰ পৰা তললৈ পেলাই দিয়ে৷ এই ঘটনাত লোকজন গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে৷ এগৰাকী লোকক ব্যক্তিগত কাৰণত এজন লোকে গুলিয়াই হত্যাৰ কৰাৰ অভিযোগতে ক্ষুদ্ধ জনতাই অভিযুক্ত লোকজনক প্ৰথম মহলাৰ পৰা পেলাই দিয়ে৷

এই ঘটনাৰ ভিযিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয়৷ ভিডিঅ’টোত ক্ষুদ্ধ জনতাই হত্যাকাৰী অভিযুক্তৰ আৱাস লণ্ড ভণ্ড কৰাৰ লগতে কেইবাখনো বাহননত অগ্নি সংযোগ কৰা দেখিবলৈ পোৱা গৈছে৷

আনহাতে ক্ষুব্ধ জনতাক বাধা প্ৰদানৰ বাবে উপস্থিত হোৱা আৰক্ষী কৰ্মীৰ ওপৰতো জনতাই আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে৷ এই ঘটনাত ১১ গৰাকী আৰক্ষী কৰ্মী আহত হয়৷ তদুপৰি ঘটনাস্থলীত উপস্থিত থকা ৬ গৰাকী সাংবাদিকো ক্ষুব্ধ জনতাৰ হাতত আহত হয় বুলি জানিব পৰা গৈছে৷

জিলাখনৰ আৰক্ষী অধীক্ষক সুধীৰ কুমাৰ পোৰিকাই জনোৱা মতে, ক্ষুব্ধ লোকসকলে অভিযুক্ত লোকজনক বচাবলৈ যোৱা এজন আৰক্ষী কৰ্মীকো বেলকনিৰ পৰা তললৈ পেলাই দিয়ে৷

জানিব পৰা মতে, এজন লোকে ব্যক্তিগত কাৰণত ২৮ বৰ্ষীয় দিবাকৰ নামৰ এজন যুৱকক গুলিয়াই হত্যা কৰি এটা বাসগৃহত আত্মগোপন কৰি আছিল৷ কিন্তু ধৃত লোকজনৰ আত্মগোপনৰ বিষয়ে স্থানীয় লোকে জানিব পাৰি লোকজনৰ বাসগৃহ ঘেৰাও কৰি ধৃত হত্যাকাৰী লোকজনক কৰায়ত্ব কৰে৷ ইয়াৰ পিছতে ক্ষুব্ধ জনতাই লোকজনকে মাৰধৰ কৰাৰ লগতে অৱসৗেষত বেলকনিৰ পৰা তললৈ পেলাই দিয়ে৷