photo by Rekib Ahmed, NNO Itakhola
photo by Rekib Ahmed, NNO Itakhola

ইটাখোলাঃ ৰাজ্যৰ চৌদিশে বিহুৰ উখল-মাখল পৰিৱেশ৷ ঢোল-পেঁপাৰ মাজত ৰজনজনাইছে ৰাজ্যৰ চৌদিশ।পিছপৰি নৰ’ল জামুগুৰিহাটো৷ 

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি জামুগুৰি ব্যৱসায়ী সন্থাৰ দ্বাৰা আয়োজিত বিহু উপলক্ষে বিশাল সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়৷

উক্ত বিশাল কাৰ্যসূচীত জামুগুৰিহাটৰ শলগুৰি ভেটখোৱাচুকৰ শিল্পী গজেন শইকীয়াই নিৰ্মাণ কৰি উলিওৱা বিহুৰ প্ৰতীক চলন্ত ম’হ আৰু পেপুৱাক লৈ আয়োজন কৰা হয় এক শোভাযাত্ৰাৰ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় এই শোভাযাত্ৰাই।

উল্লেখ্য যে, পূৰ্বেও গঁড় হত্যাৰ প্ৰতিবাদ কৰি শিল্পী গজেন শইকীয়াই প্ৰতীকি গঁড় সাজি জামুগুৰিহাটৰ ৰাজপথত প্ৰতিবাদ কৰিছিল৷ ইফালে আজিৰ উক্ত কাৰ্যসূচীৰ মূল আকৰ্ষণ ৰূপে প্ৰতীকি ম’হটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ শিল্পীজনৰ এই কাৰ্য্যৰ শলাগ লৈছে জামুগুৰিহাটৰ ৰাইজে।