প্ৰতীকি ফটো
প্ৰতীকি ফটো

শুক্লাইঃ ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ উছাহ চলি থকা সময়তে অহা ৬ আৰু ৭মে'ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বাগছাৰ বাঙালীপাৰাত বাঙালীপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুস্থিত হ'ব বহাগী উৎসৱ।

উদযাপন সমিতিৰ সভাপতি হৰমোহন বৰুৱা, যুটীয়া সম্পাদক পিংকু মালাকৰ আৰু অপূৰ্ব বৈশ্যই জনোৱা মতে বহাগী উৎসৱৰ প্ৰথম দিনা পুৱা বিহুৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি হৰমোহন বৰুৱাই।

ইয়াৰ পিছতেই অনুষ্ঠিত হ'ব ক্ৰমে স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা। সন্ধিয়া অনুষ্ঠিত হ'ব বন্তি প্ৰজ্বলন। নিশা আধুনিক নৃত্য প্ৰতিযোগিতাৰে প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ অন্ত পৰিব।

আনহাতে দ্বিতীয় দিনা দিনৰ ১ বজাত বিহুতলী উন্মোচন কৰিব সমাজ সংগঠক গৌতম শৰ্মাই। বিহুতলী উন্মোচনৰ পিছতেই অনুষ্ঠিত হ'ব প্ৰদৰ্শনীমূলক লোক নৃত্য আৰু বিহু নৃত্য প্ৰতিযোগিতা।

বহাগী উৎসৱত উপস্থিত থাকিব বিটিচিৰ কাৰ্য্যবাহী সদস্য গণেশ কছাৰী, শিক্ষক লালমন আলি,অধ্যক্ষ গোলক ৰাম কলিতা, আৰক্ষী বিষয়া দীপক শৰ্মা, শুক্লাই ছেৰফাং টি.এল চিৰ অধ্যক্ষ ৰুদ্ৰ চুবেদী, চেয়াৰমেন ধনপতি পৌড়েল, সাংবাদিক পৱন নাথকে আদি কৰি কেবাগৰাকী বিশিষ্ট লোক।