newsnextone.com | বিলাসীপাৰাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সময়ে সময়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি অৱলম্বন কৰাৰ কথা কৈ আহিছে যদিও দুৰ্নীতিকাৰীক আজিও বচোৱাৰ চেষ্টা কৰে আৰক্ষীয়ে। কিয়নো দুৰ্নীতিৰ বিৰুদ্ধে মাত দিয়া লোকক আৰক্ষীয়ে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পশ্চিম সমষ্টিৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাণীগঞ্জ কছলাটাৰীত পিএমজি আঁচনিৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। পি এম জি আঁচনিৰ নিৰ্মাণ পথ নিৰ্মাণ হৈ আছে যদিও ফলক নলগোৱাকৈ পথৰ কাম কৰি যোৱাৰ অভিযোগ উত্থাপন হয়। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণৰ অভিযোগ উত্থাপন কৰে ৰাইজে। যাৰ ফলত নিৰ্মাণৰ পিছতে পথটোৰ বিভিন্ন অংশৰ পকী এৰি যোৱাৰ লগতে নৈত কিছু অংশ খহি পৰাৰ অভিযোগ উত্থাপন হয়।

স্থানীয় ৰাইজে নিৰ্মাণৰ কাম বন্ধ কৰি আঁচনি মতে কাম কৰাৰ দাবী জনায়। কিন্তু ঠিকাদাৰগৰাকীয়ে একাংশ লোকৰ হতুৱাই পথৰ অনিয়মৰ বিৰুদ্ধে মাত দিয়া লোকক ধমকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। কেইবাগৰাকী লোকৰ বিৰুদ্ধে ঠিকাদাৰগৰকীয়ে ৰাণীগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে সেইসকল লোকক অশ্লীল ভাষাৰে গালি গালাজ আৰু ধমকি দিয়াৰ অভিযোগ উত্থাপন হয়।