ডিজিটেল ডেস্কঃ অৱশেষত ১৯৯৭ চনৰ মিচ ৱৰ্ল্ড খিতাপ অৰ্জনকাৰী ডায়েনা হেডনৰ ওচৰত ক্ষমা খুজিলে ত্ৰিপুৰাৰ মুখমন্ত্ৰী বিপ্লৱ দেৱে৷ 

মুখ্যমন্ত্ৰীগৰাকীয়ে ডায়েনাৰ ওচৰত ক্ষমা বিচাৰি কয়, ‘মই ত্ৰিপুৰাৰ হস্ত উদ্যোগৰ বিষয়ে কব বিচাৰিছিলো৷ তাৰ মাজতে ডায়েনাৰ বিষয়ে কোৱা গ’ল৷ যদি মোৰ এনে কাৰ্যৰ কাৰণে কোনোৱাই দুখ পাইছে অথৱা অপমানবোধ কৰিছে, তেন্তে মই তাৰ বাবে ক্ষমা বিচাৰিছো৷ মই মহিলাসকলক মাতৃ জ্ঞান কৰোঁ৷’

উল্লেখ্য যে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব দেৱে ডায়েনাৰ সৌন্দৰ্য্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কৈছিল- ‘আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যিয়ে অংশগ্ৰহণ কৰে, তেৱে জয়ী হয়৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো সৌন্দৰ্য্যশালী৷’ ডায়েনা হেডনৰ মিছ ৱৰ্ল্ড অথৱা মিছ ইউনিভাৰ্চ জয়ী হ’ব পৰা কি সৌন্দৰ্য্য আছে বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল-‘ ভাৰতীয় সুন্দৰীক লক্ষ্মী, সৰস্বতীৰ দৰে লগা উচিত৷ ডায়েনা হেডন মিচ ৱৰ্ল্ড খিতাপৰ যোগ্য নাছিল৷’

বিপ্লব দেৱে ঐশ্বৰ্য্য ৰায়হে প্ৰকৃত মিছ ৱৰ্ল্ড খিতাপৰ যোগ্য বুলিও কৈ মন্তব্য কৰিছিল- ‘ঐশ্বৰ্য্য প্ৰকৃত মিচ ৱৰ্ল্ড৷ তেওঁ সম্পূৰ্ণ ভাৰতীয় সুন্দৰীৰ দৰে মিচ ৱৰ্ল্ড খিতাপ জয় কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিছে৷’

বিপ্লৱ দেৱৰ এনে বিতৰ্কিত মন্তব্যৰ পিছতে ডায়েনা হডেন আৰু তেওঁৰ অনুৰাকীসকল ক্ষোভিত হৈ পৰে৷ ডায়েনাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যত প্ৰতিৰ্কয়া প্ৰকাশ কৰি কয়, ‘মোৰ দেহৰ ৰঙ ক’লা হোৱা বাবেই বহুতে মোৰ যোগ্যতাক লৈ সন্দেহ কৰে৷ কিন্তু মই ভাৱো তেওঁলোকে মোক লৈ গৌৰৱ কৰিবও পাৰে৷ মই এগৰাকী ভাৰতীয়৷ আৰু ভাৰতীয় হিচাপেই মই খিতাপ অৰ্জন কৰিছিলো৷ এয়া ভাৰতীয়ৰ বাবেও গৌৰৱৰ বিষয়৷’