ডিজিটেল জেস্কঃ অৱসৰ গ্ৰহণৰ সময়ত এক সাক্ষাৎকাৰত শচীন তেণ্ডুলকাৰ কৈছিল, হয় ৰোহিত নহয় বিৰাটে তেওঁৰ ৰেকর্ড ভাঙিব পাৰে। মাষ্টৰ ব্লাষ্টাৰৰ কথা সঁচা প্রমাণিত হব'লৈ বেছি সময় নালাগিল। এই দুয়োজনেইপাহাৰ কৰি খুব কম দিনৰ ভিতৰতেই গঢ়ে এই ৰেকৰ্ড৷ বিৰাটে প্রায় প্রতিদিনেই ৰেকর্ড গঢ়া বুলি কলেও ভুল কোৱা নহব।

দেওবাৰে কানপুৰৰ গ্রীন পার্কত সকলোতকৈ দ্রুত ৯ হাজাৰ ৰান কৰাৰ ৰেকর্ড গঢ়ে বিৰাটে৷ এবি ডে ভিলিয়াৰ্চৰ ৰেকর্ড ভাঙি নতুন ৰেকর্ড গঢ়ে তেও৷ ইয়াৰ পুৰ্বে ভাৰতৰ মহম্মদ আজাৰাউদ্দিন, শচিন তেণ্ডুলকাৰ, সৌৰভ গাংগুলি আৰু ৰাহুল দ্রাবিড়ে এই ৰেকর্ড গঢ়িছিল৷